নৃত্যানুষ্ঠান পৰিবেশন কৰি মৃত্যু হ’ল কিশোৰৰঃ শোকত ম্ৰিয়মান শিলচৰবাসী

এক হৃদয় বিদাৰক দৃশ্য৷গণতন্ত্ৰ দিৱসৰ দিনটোত নৃত্য প্ৰতিভাৰে সমবেত ৰাইজক আপ্লুত কৰিবলৈ গৈ প্ৰাণ ত্যাগ কৰিলে ১৫ বছৰীয়া অভিষেকে নাথে ৷ স্বাধীনতা দিৱসৰ দিনা অনুষ্ঠিত নৃত্যানুষ্ঠানত নৃত্য পৰিবেশন কৰিছিল অভিষেকে ৷কিন্তু নৃত্য পৰিবেশন কৰোঁতে হঠাতে মঞ্চতে ঢলী পৰে অভিষেক ৷ কোনেও নাজানিছিল নৃত্য পৰিবেশন কৰি থকা অভিষেক আৰু কোনো দিনেই নুঠিব ৷
ইয়াৰ পিছত অভিষেকক নিথৰ হৈ পৰি থকা দেহটো চিকিৎসালয়লৈ নিয়ে ৷যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷ হৃদস্পন্দন বন্ধ হৈ এই পৃথিৱীৰ পৰা গুচি গ’ল অভিষেক ৷এই মন্তব্য চিকিৎসকৰ ৷ জন্ম হ’লে মৃত্যু অনিবাৰ্য ৷কিন্তু অভিষেকৰ মৃত্যুৱে কন্দুৱাই গ’ল বহুজনক৷অকালতে মৰহি গ’ল এটি প্ৰতিভা ৷
উল্লেখ্য যে শিলচৰ চহৰৰ অন্তৰ্ৱতী দুধপাতিল গাঁওৰ বাসিন্দা অভিষেক ৷ সততে অঞ্চলটোত আয়োজন কৰা বিভিন্ন অনুষ্ঠানত নৃত্যানুষ্ঠান পৰিবেশন পৰে অভিষেকে ৷ এইবাৰো প্ৰচেষ্টা নামৰ এটি সংস্থাই আয়োজন কৰা অনুষ্ঠানত অনুষ্ঠান পৰিবেশন কৰি নিয়তিৰ ওচৰত হাৰ মানিলে অভিষেকে ।
অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি