Begin typing your search above and press return to search.

ন্যাকুম উৎসৱত আনন্দত আত্মহাৰা নিচি জনগোষ্ঠীৰ লোকসকল

ন্যাকুম উৎসৱত আনন্দত আত্মহাৰা নিচি জনগোষ্ঠীৰ লোকসকল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Feb 2019 11:40 AM GMT

বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভুমি শোণিতপুৰৰ চাৰিদুৱাৰত অনুষ্ঠিত হয় " নিচি " জনগোষ্ঠীটোৰ পৰম্পৰাগত ন্যাকুম উৎসৱ। অতিজৰে পৰা চাৰিদুৱাৰ অঞ্চলত বসবাস কৰি অহা "নিচি"জনগোষ্ঠীটোৰ পৰম্পৰাগত ন্যাকুম উৎসৱ প্ৰত্যেক বছৰৰ দৰে এইবেলিও ২৪,২৫,২৬ আৰু ২৭ ফেব্ৰুৱাৰীত চাৰিদিনীয়া কাৰ্য্যসুচিৰে উলহ মালহৰে উদযাপন কৰা হয়।

ন্যাকুম পুজাত নিচি সকলে দেৱতা " ডনিপল" অৰ্থাৎ সুৰ্য্য দেৱতাক আৰাধনা কৰে। লোক বিশ্বাস যে , সুৰ্য্যদেৱতা বা "ডনিপ'ল"ক পুজা কৰিলে কৃষিকাৰ্য্য ভালহোৱাৰ বছৰতো বছৰটো আপায় অমংগলৰ পৰা বাচি থাকিব পাৰি । উল্লেখ্য যে এই মাহৰপৰাই নিচিসকলৰ নতুন বছৰ আৰম্ভ হোৱাত সকলো লোকৰে মংগল কামনা কৰি প্ৰত্যেক ফেব্ৰুৱাৰীত পাৰম্পৰিক ৰীতি নীতিৰে "মেঠুন" বলি দি এই ন্যাকুম উৎসৱ পালন কৰা হয় | অনুষ্ঠানত নিচি লোকনৃত্য কলা সংস্কৃতিৰ লগতে বিভিন্ন জাতি - জনগোষ্ঠীয় নৃত্যৰ প্ৰদৰ্শন কৰা হয়।

ন্যাকুম উৎসৱ ৪ দিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰে। প্ৰত্যেক দিনাই জাতি জনগোষ্ঠী বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে উৎযাপন কৰে । জাতি জনগোষ্ঠীৰ লোক বিশ্বাসত ভিত্তি কৰি ন্যাকুম উৎসৱ বিভিন্ন কাৰ্যসূচী পালন কৰা হয় । ন্যাকুম উৎসৱ নিচি জনগোষ্ঠীৰ পৰম্পৰাগত উৎসৱ । নিচি সকলে বিশেষকৈ কৃষি ভাল হবৰ বাবে আৰু বছৰটো ভাল হবলৈ সূৰ্য দেৱতাক পুজা কৰে । ন্যাকুম উৎসৱত নিচি জনগোষ্ঠীৰ লোক সকলে আনন্দত নাচি বাগি মতলীয়া হৈ পৰা পৰিলক্ষিত হয় ।

Next Story
চাকৰি