Begin typing your search above and press return to search.

নৰেন্দ্ৰ মোডীয়ে উন্মোচন কৰিলে ‘ষ্টেছু অৱ ইউনিটি’

নৰেন্দ্ৰ মোডীয়ে উন্মোচন কৰিলে ‘ষ্টেছু অৱ ইউনিটি’

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  31 Oct 2018 7:34 AM GMT

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উন্মোচন কৰিলে বিশ্বৰ সবাতোকৈ ওখ প্ৰতিমূৰ্তি ‘ষ্টেছু অৱ ইউনিটি’ । স্বাধীন ভাৰতৰ প্ৰথমজন গৃহমন্ত্ৰী লৌহ পুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৪৩সংখ্যক জন্মজয়ন্তীত ‘ষ্টেছু অৱ ইউনিটি’ দেশবাসীলৈ উচৰ্গা কৰিলে প্ৰধানমন্ত্ৰী গৰাকীয়ে । গুজৰাটৰ নৰ্মদা নদীৰ ওপৰৰ ৰাজপিপলাত নিৰ্মাণ কৰা প্ৰতিমূৰ্তিটো উন্মোচন কৰি দেশবাসীক উদ্দেশী ভাষণ প্ৰদান কৰে মোডীয়ে । ৰাষ্ট্ৰীয় একতা দিৱসৰ লগত সংগতি ৰাখি এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে গুজৰাট চৰকাৰে । এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ নৰেন্দ্ৰ মোডী মঙলবাৰে নিশাই আহমেদাবাদত উপস্থিত হয় ।

https://www.instagram.com/p/BpllwxlBC_j/?hl=en&taken-by=narendramodi

১৮২ মিটাৰ ওখ প্ৰতিমূৰ্তিটোৰ উচ্চতা আমেৰিকাৰ ষ্টেছু অৱ লিবাৰিটিতকৈ দুগুণ বুলি জানিব পৰা গৈছে । ২০১৩ চনৰ ৩১ অক্টোবৰৰ পৰা প্ৰায় ২,৯৮৯ কোটি টকা ব্যয়েৰে নিৰ্মাণ আৰম্ভ কৰা হৈছিল প্ৰতিমূৰ্তিটো ।প্ৰতিমূৰ্তিটো নিৰ্মান কৰোতে প্ৰায় ৫০ লাখ কিলোগ্ৰাম লোহা আৰু ২কোটি ২৫ লাখ কিলোগ্ৰাম চিমেন্টৰ প্ৰয়োজন হৈছিল । লোহা সমূহ জমা কৰিবৰ বাবে সমগ্ৰ দেশতে "লোহা" নামৰ এটা অভিযান চলাই জমা কৰিছিল ।"ষ্টেছু অৱ ইউনিটি" ৰ ওপৰত নিৰ্মিত এটি সৰু ভিডিঅ' তথা বিজ্ঞাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ নিজ ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে শ্বেয়াৰ কৰে,ভিডিঅ'টি তলত প্ৰকাশ কৰা হ'ল………

https://www.instagram.com/p/Bo_ijkkAkHT/?hl=en&taken-by=narendramodi

পদ্মশ্ৰী আৰু পদ্মবিভূষন বঁটা প্ৰাপ্ত প্ৰখ্যাত ভাস্কৰ্য্য শিল্পী ৰাম ভাঞ্জি চুটাৰৰ নেতৃত্বত প্ৰায় ৩,৪০০ কৰ্মীয়ে নিৰ্মান কৰি উলিয়াইছে সুবিশাল প্ৰতিমূৰ্তিটো । লৌহ পুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেলৰ স্মৰণত গুজৰাট চৰকাৰে নিৰ্মাণ কৰিছে প্ৰতিমূৰ্তিটো । নৰেন্দ্ৰ মোডী ২০১০ত গুজৰাটৰ মুখ্যমুন্ত্ৰী হৈ থকা অৱস্থাতে এই প্ৰকল্পৰ কথা ঘোষণা কৰিছিল ।গুজৰাট চৰকাৰে প্ৰতিমুৰ্তিটোৰ দৰ্শনৰ বাবে দৈনিক ১৫,০০০ পৰ্য্যটক আহিব বুলি আশা প্ৰকাশ কৰিছে । গুজৰাটৰ বিধানসভা আসন ১৮২ খন যিহেতু সেইবাবে ১৮২ মিটাৰ উচ্চতাৰ নিৰ্মান কৰিছে বুলি জানিব পৰা গৈছে।

প্ৰতিঘণ্টাত ২২০ কিলো মিটাৰ বেগী ধুমুহা আৰু ৬.৫ ৰিখটাৰ স্কেলৰ ভূমিকম্পই ক্ষতি কৰিব নোৱাৰে প্ৰতিমূৰ্তিটোৰ । ভাস্কৰ্য্য শিল্পী ৰাম ভাঞ্জি চুটাৰে বল্লভ ভাই পেটেলৰ ২০০০ ছবি অধ্যয়ন কৰি প্ৰতিমূৰ্তিটো ডিজাইন কৰিছে । পৰ্যটকৰ সুবিধাৰ বাবে প্ৰতিমূৰ্তিটোত দুখনকৈ এলেভেটৰ ব্যৱস্থা কৰাৰ লগতে ১৩৫ মিটাৰ উচ্চতাত গেলাৰীৰ ব্যৱস্থা কৰা হৈছে ।

অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰুপানী, মধ্যপ্ৰদেশৰ ৰাজ্যপাল অনন্দিবেন পেটেল, ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ লগতে ভালে সংখ্যক গন্য-মান্য ব্যক্তি উপস্থিত থাকে । ‘ষ্টেছু অৱ ইউনিটি’ উন্মোচন অনুষ্ঠানত বহুলোকৰ সমাগম দেখিবলৈ পোৱা গৈছে ।

Next Story
চাকৰি