Begin typing your search above and press return to search.

নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী উপস্থিত নাথাকে

নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী উপস্থিত নাথাকে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 May 2019 11:55 AM GMT

আজি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰকাশ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত নাথাকে ।

কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ১৬ সংখ্যক প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব । পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে এই শপত গ্ৰহণ অনুষ্ঠানত মূল্যহীন আৰু ৰাজনৈতিক পয়ন্ট স্কোৰ কৰাৰ এটা সুযোগ হিচাপে ব্যৱহাৰ কৰা হৈছে ।

" সেয়েহে মোক ক্ষমা কৰিব নৰেন্দ্ৰ মোদী জী মই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিম " বুলি মমতা বেনাৰ্জীয়ে টুইটাৰত প্ৰকাশ কৰে ।

MAMTA TWEET

লগতে মমতা বেনাৰ্জীয়ে কয় যে পশ্চিম বংগৰ ৰাজনৈতিক হিংসাত ৫৪ জন লোক নিহত হোৱা বুলি বিজেপিয়ে অভিযোগ উত্থাপন কৰাটো সত্য নহয় । সেয়েহে শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত নাথাকিবলৈ তেওঁ বাধ্য বুলি কয় ।

" পশ্চিম বংগৰ হিংসাত যিসকল লোক নিহত হৈছে তেওঁলোকৰ ব্যক্তিগত শত্ৰু, পাৰিবাৰিক কাজিয়া আৰু আন কাৰনত হে মৃত্যু হৈছে । ৰাজনীতি লগত কোনো সম্পৰ্ক নাই । আমাৰ লগত তেনে কোনো তথ্য নাই বুলি প্ৰকাশ কৰে মমতা বেনাৰ্জীয়ে ।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি