Begin typing your search above and press return to search.

মোদীৰ সফলতা আঁৰত আছে তৃণমূল কৰ্মীসকল : নৰেন্দ্ৰ মোদী

মোদীৰ সফলতা আঁৰত আছে  তৃণমূল কৰ্মীসকল : নৰেন্দ্ৰ মোদী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 May 2019 11:13 AM GMT

লোকসভা নিৰ্বাচনত বাৰানসী বাসীয়ে নৰেন্দ্ৰ মোদীক বিপুল ভোটত জয়ী কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বাৰানসীত ৫ লাখৰো অধিক ভোট লাভ কৰে নৰেন্দ্ৰ মোদীয়ে । লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ পাছত আজি বাৰানসীত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে,"দেশৰ বাবে মই প্ৰধানমন্ত্ৰী , কিন্তু আপোনালোকৰ বাবে মই সাংসদ, আপোনালোকৰ সেৱক " ।

তৃণমূল পৰ্যায়ৰ কৰ্মী সকলে জনসাধাৰণৰ মাজত বিজেপি চৰকাৰৰ হৈ যি সজাগতা সৃষ্টি কৰে তাৰ বাবে নিৰ্বাচন ফলাফলৰ সম্পূৰ্ণ স্বীকৃতি তৃণমূল কৰ্মী সকলক প্ৰদান কৰে মোদীয়ে ।

বাৰানসীত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাশী বিশ্বনাথ মন্দিৰ পৰিদৰ্শন কৰি প্ৰাৰ্থনা কৰে । প্ৰধানমন্ত্ৰীৰ সংগ দিয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। দীনদায়াল হস্তকলা সংকুলত ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মী সকলক সম্বোধন কৰে।

নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলৰ কৰ্মী সকলক কৈছিল যে আপোনালোকৰ প্ৰত্যেকৰ মাজতে মোদী আছে আৰু তেওঁৰ অনুপস্থিতিত কৰ্মী সকলক প্ৰচাৰ চলাবলৈ কৈছিল । মনোনয়ন পত্ৰ দাখিলৰ এদিনৰ পুৰ্বে এক বৃহৎ ৰোডশ্বত অংশগ্ৰহন কৰিছিল মোদীয়ে ।

এন ডি এয়ে এইবাৰ লোকসভা নিৰ্বাচনত মুঠ ৩৫২ আসন লাভ কৰিবলৈ সক্ষম হৈছে । বিজেপিয়ে অকলেই ৩০৩ খন আসন লাভ কৰে ।

আজি বাৰানসীত মোদীক উষ্ম আদৰণি জনোৱা হয় । সকলোতে বিজেপিৰ পতাকা আৰু বেনাৰ লগোৱা হয় । দেওবাৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মোদীৰ ভ্ৰমণৰ বাবে স্থানীয় প্ৰশাসনৰ লগত বৈঠকত মিলিত হৈছিল ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি