নৰেন্দ্ৰ মোদী, অমিত শ্বাহৰ বিৰুদ্ধে তৰা অভিযোগ মীমাংসা কৰিবলৈ নিৰ্বাচনী আয়োগক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বৃহস্পতি বাৰে উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী আয়োগক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বিৰুদ্ধে তৰা গোচৰ মীমাংসা কৰিবলৈ নিৰ্দেশ দিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বিৰুদ্ধে অবক্তব্য আৰু নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছে ৯ টা অভিযোগ উত্থাপন কৰিছিল । কোৰ্টে সোমবাৰে নিৰ্বাচনী আয়োগৰ পৰা উত্তৰ বিচাৰিছে।
কংগ্ৰেছক প্ৰতিনিধিত্ব কৰা অধিবক্তা অভিষেক মানু সিঙবিয়ে কোৰ্টক জনাই যে নিৰ্বাচনী আয়োগে লেহেমীয়া গতিৰে বিষয়টো পৰ্যবেক্ষন কৰিছে ।" তিনি সপ্তাহৰ পূৰ্বে অভিযোগ উত্থাপন কৰিছিলোঁ , নিৰ্বাচনৰ দুটা পৰ্যায়ৰ ভোট গ্ৰহণৰ পাছতে , কিন্তু বৰ্তমানলৈকে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । আশা কৰো নিৰ্বাচনৰ ভোট গ্ৰহণ শেষ হোৱাৰ পূৰ্বে যাতে ব্যবস্থা গ্ৰহণ কৰে বুলি প্ৰকাশ কৰে অধিবক্তা সিঙবিয়ে ।
নিৰ্বাচনী পেনেলৰ প্ৰতিনিধি জেষ্ঠ অধিবক্তা ৰাকেশ ডিউবেদিয়ে কোৰ্টৰ আগত প্ৰকাশ কৰে যে কংগ্ৰেছৰ কাৰনে অতি সহজ ভাষনৰ পৰা দুটা বাক্য তুলি লৈ নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰা বুলি নিৰ্বাচনী আয়োগৰ কাষ চপাটো। কিন্তু আমি সমগ্ৰ বক্তব্য খিনি শুনিব লাগিব । সেয়েহে সময়ৰ প্ৰয়োজন হৈছে বুলি প্ৰকাশ কৰে অধিবক্তা গৰাকীয়ে ।
লগতে ৰাকেশ ডিউবেদিয়ে কোৰ্টক জনাই যে দুটা অভিযোগৰ ওপৰত দৃষ্টি ৰাখিব লাগিব । দুয়োটা অভিযোগ সাদৃশ্য কি আছে। সোমবাৰে পৰবৰ্তী ভোট গ্ৰহণ সেয়েহে তেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ বিৰুদ্ধে তৰা গোচৰ মীমাংসা কৰিবলৈ বুধবাৰলৈকে সময় বিচাৰে।
১১ টা অভিযোগৰ ভিতৰত দুটা গোচৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু ৯ টা বাকি আছে । মহাৰাষ্ট্ৰৰ লাতুৰ আৰু ৱাৰ্ধাত দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ইতিমধ্যে ক্লিনি শ্বিট প্ৰদান কৰিছে নিৰ্বাচনী পেনেলে।
কোৰ্টে বুধবাৰলৈকে বিচৰা সময়ত খাৰিজ কৰি প্ৰকাশ কৰে যে সোমবাৰলৈকে যথেষ্ট সময় আছে মোদী আৰু শ্বাহৰ বিৰুদ্ধে থকা গোচৰ মীমাংসা কৰিবলৈ ।
কংগ্ৰেছ সাংসদ সুস্মিতা দেৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বিৰুদ্ধে তৰা গোচৰ শুনানিও কোৰ্টে সোমবাৰে গ্ৰহণ কৰিব ।
অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি