Begin typing your search above and press return to search.

নৰেন্দ্ৰ মোদী এজন অসফল প্ৰধানমন্ত্ৰী: ৰাহুল গান্ধী

নৰেন্দ্ৰ মোদী এজন অসফল প্ৰধানমন্ত্ৰী: ৰাহুল গান্ধী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 April 2019 8:18 AM GMT

কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে বৃহস্পতি বাৰে প্ৰকাশ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এজন অসফল প্ৰধানমন্ত্ৰী আৰু ২০১৯ চনৰ লোকসভা নিৰ্বাচনত নৰেন্দ্ৰ মোদী পৰাজিত হব বুলি প্ৰকাশ কৰাৰ লগতে জনসাধাৰণে কংগ্ৰেছক সমৰ্থন আগবঢ়াইছে ।

গুজৰাটৰ ভূজত এক নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰি ৰাহুল গান্ধীয়ে প্ৰকাশ কৰে যে কংগ্ৰেছে NYAY আচনি ঘোষণা কৰি প্ৰধানমন্ত্ৰী মোদীক আচৰিত কৰি তুলিলে । লগতে কয় তেওঁ দেশৰ বিভিন্ন প্ৰান্তত ভ্ৰমণ কৰিছে আৰু দেশৰ লোকে কংগ্ৰেছক সমৰ্থন কৰিছে বুলি প্ৰকাশ কৰে ।

২০১৯ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত নহয় বুলি প্ৰকাশ কৰে । লগতে ৰাফেল চুক্তি ৰ শোষণ কথাও উল্লেখ কৰে ৰাহুল গান্ধীয়ে ।

লগতে গান্ধীয়ে কয় যে এইবাৰ নিৰ্বাচনৰ গুৰুত্বপূৰ্ণ বিষয় হৈছে নিবনুৱা সমস্যা, খেতিয়ক দুৰৱস্থা আৰু শোষণ । লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনিল আম্বানীক ৩০,০০০ কোটি দিছে । বিশেষকৈ নিবনুৱা সমস্যা যথেষ্ট বৃদ্ধি পাইছে সেয়েহে নৰেন্দ্ৰ মোদী এজন অসফল প্ৰধানমন্ত্ৰী বুলি প্ৰকাশ কৰে ৰাহুল গান্ধীয়ে ।

লগতে ৰাহুল গান্ধীয়ে NYAY আচনি ঘোষণা কৰি প্ৰধানমন্ত্ৰীক আচৰিত কৰি তোলাৰ লগতে এই আচনিৰ অধিনত প্ৰত্যেকটো দুখীয়া পৰিয়ালে ৭২,০০০ টকা লাভ কৰিব বুলি প্ৰকাশ কৰে ।

ৰাহুল গান্ধীয়ে সকলো চুৰে মোদী উপাধিৰ বুলি প্ৰকাশ কৰাৰ বিৰুদ্ধে সুশিল কুমাৰ মেধিয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে পাটনা আদালতত গোচৰ ৰুজু কৰিছে বুলি প্ৰকাশ কৰে ।

২০১৯ চনত কংগ্ৰেছে জয় হব আৰু কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি দৃঢ়তাৰে প্ৰকাশ কৰে ৰাহুল গান্ধীয়ে । গুজৰাটৰ ২৬ টা লোকসভা সমষ্টিত ২৩ এপ্ৰিলত অনুষ্ঠিত হব ভোট গ্ৰহণ ।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি