ৰাজনীতিৰ কাৰনে দেশখনক দুৰ্বল কৰি ন-সজাব: বিৰোধিক সমালোচনা মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধী দল সমুহক কয় যে ৰাজনীতিৰ কাৰনে দেশখনক বহি: ৰাষ্ট্ৰৰ আগত দুৰ্বল ন-সজাব। মোদী এটা সময়ত নাথাকিব, কিন্তু দেশখন থাকিব । সেয়েহে নিজৰ ৰাজনৈতিক দল শক্তিশালী কৰিবলৈ দেশখনক দুৰ্বল বুলি প্ৰতিপন্ন কৰাৰ চেষ্টা নকৰিব । প্ৰথমে আমি ভাৰতীয়, ৰাজনৈতিক দল পিছতো শক্তিশালী কৰিব পাৰিব ।
মোদীয়ে তামিলনাডুৰ কন্যাকুমাৰীত এক আলোচনাত অংশগ্ৰহন কৰি এই মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। লগতে কয় ২৬|১১ মুম্বাই আক্ৰমণৰ ঘটনাৰ সংঘটিত কৰিছিল কিন্তু সেই সময়ৰ কেন্দ্ৰীয় চৰকাৰে কি কৰিছিল? কিন্তু উৰি ঘটনা আৰু পুলোৱামা কাণ্ডৰ আক্ৰমণৰ পাছত ভাৰতবাসীয়ে নিজে প্ৰত্যক্ষ কৰিছে ভাৰতৰ সেনাই কি পদক্ষেপ গ্ৰহণ কৰে । পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত ভাৰতে এয়াৰ ষ্ট্ৰাইক কৰি ৩৫০ ৰো অধিক সন্ত্ৰাসবাদীক হত্যা কৰিবলৈ সক্ষম হৈছিল । কিন্তু কিছুমান ৰাজনৈতিক দলে এই ঘটনাক ৰাজনীতিকৰণ কৰাৰ চেষ্টা কৰা ঘটনাটো অতি দুৰ্ভাগ্যজনক । আমাৰ যুদ্ধ সন্ত্ৰাসবাদীৰ লগত বুলি কয়।
কংগ্ৰেছক সমালোচনা কৰি কয় যে কংগ্ৰেছে পৰিয়াল কেন্দ্ৰীক ৰাজনীতি কৰিছিল । কিন্তু মোদীৰ পৰিয়াল হৈছে ১৩০ কোটি ভাৰতীয়। সেয়েহে মোদী জীয়াই আছে ভাৰতবাসীৰ বাবে আৰু মৰিবও দেশবাসীৰ বাবে ।