বাৰাণসীৰ কাশী বিশ্বনাথ মন্দিৰৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

আজি উত্তৰ প্ৰদেশৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । বাৰাণসীৰ কাশী বিশ্বানাথান মন্দিৰৰ আজি আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । লগতে জন সভাতো অংশগ্ৰহন কৰে প্ৰধানমন্ত্ৰীয়ে । প্ৰথম ৩ বছৰ অসহযোগীতাৰ বাবে ৰাজ্যখনৰ উন্নতি হোৱা নাছিল । উত্তৰ প্ৰদেশৰ উন্নয়ন মুলক আঁচনিসমূহ যোগী আদিত্য নাথ মুখ্যমন্ত্ৰী হোৱাৰ পাছতহে ৰূপায়ণ কৰা হৈছে বুলি প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে।
এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত ৰাজ্যপাল ৰাম নাইক, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু ৰাজ্যিক বিজেপি মুখপাত্ৰ মহেন্দ্ৰ নাথ পানদে উপস্থিত আছিল । পুৰ্বতে সমাজবাদী পাৰ্টিৰ চৰকাৰ থকা হেতুকে অসহযোগীতা বাবে ৰাজ্য খনৰ উন্নয়নত হেঙাৰ হৈ পৰিছিল ।
দীনদায়াল হস্তকলা সংকুলত অনুষ্ঠিত নেচনেল উইমেন লাইভলিহোদ মিট ২০১৯ ত প্ৰধানমন্ত্ৰী গৰাকীয়ে অংশগ্ৰহন কৰে । এই অনুষ্ঠানতে দেশৰ উন্নয়নত মহিলা সকলৰ বৰঙণিৰ কথা উল্লেখ কৰে । প্ৰধানমন্ত্ৰীয়ে কয় যে মহিলা সকলৰ কৰ্মদক্ষতাই কেৱল ঘৰ খনকে সহায় নকৰে সমগ্ৰ দেশখনকে উন্নয়ন আৰু সবল কৰাত সহায় কৰিছে ।
কাশীত বিশ্বনাথ কৰিড'ৰৰ আধাৰশিলা স্থাপনৰ লগতে লক্ষ্ণৌ মেট্ৰ প্ৰকল্পৰ শুভাৰম্ভ কৰাৰ লগতে আগ্ৰা মেট্ৰ ' সেৱা, পানকী পাৱাৰ প্লাণ্টৰ লগতে কেইবাটাওা আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ ।