নৱবৰ্ষৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দেশ বাসীক সকলো ক্ষেত্ৰতে আগুৱাই যাবলৈ শুভেচ্চা জ্ঞাপন: লগতে স্মৰণ কৰিলে চলিত বৰ্ষৰ কাৰ্যসূচী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে চলিত বৰ্ষৰ অন্তিমটো ’মন কী বাত" অনুষ্ঠানটোত নৱবৰ্ষৰ প্ৰাকমুহুৰ্তত সকলো দেশবাসীক নতুন উদ্যমেৰে শক্তিশালী লক্ষ্যৰে আগবাঢ়ি যাবলৈ কয়। লগতে ২০১৮ চনত দেশখনত হোৱা বিভিন্ন প্ৰগতিৰ সম্পৰ্কে স্মৰণ কৰে।"মন কী বাত" ৰেডিঅ’ৰ ৫১ সংখ্যক অনুষ্ঠানটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অৰ্থব্যৱস্থা,সামাজিক ক্ষেত্ৰ,সৌৰ শক্তি,জলবায়ু পৰিৱৰ্তন,খেল আৰু অন্যান্য ক্ষেত্ৰত হোৱা বিভিন্ন সাফল্যৰ সম্পৰ্কেও উল্লেখ কৰে লগতে সকলো দেশবাসীৰ সামূহিক প্ৰয়াসত দেশ এখন আগবাঢ়ি যোৱাৰ কথা কয় ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে, যিকোনো ব্যক্তিৰ জীৱন,যিকোনো ৰাষ্ট্ৰৰ জীৱন, যিকোনো সমাজ জীৱন এই সকলোবোৰ দেশৰ প্ৰেৰণা,প্ৰগতিৰ আধাৰ ৷

ইফালে প্ৰধানমন্ত্ৰী মোডীয়ে দৰিদ্ৰ লোকসকলৰ কাৰণে বিশেষ পদক্ষেপ লোৱাৰ কথাও উল্লেখ কৰে ৷ লগতে প্ৰধানমন্ত্ৰী মোডীয়ে "ব্যৱসায় কৰাত সহজ"Ease of doing business ত অহা অভূতপূৰ্ব সাফল্যৰ কথা উল্লেখ কৰে ৷ বিশ্বৰ বিভিন্ন সংস্থাই ভাৰতৰ বিকাশত আগবাঢ়ি গৈছে বুলিও স্বীকাৰ কৰে । অন্যহাতে,২০১৮ বৰ্ষৰ আৰম্ভ হোৱা "আয়ুস্মান ভাৰত"ৰ সম্পৰ্কে প্ৰধানমন্ত্ৰী মোডীয়ে উল্লেখ কৰে ৷লগতে লৌহ পুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেলৰ স্মৰণ কৰি কয় যে এই বৰ্ষতে ভাৰতৰ সকলোতকৈ ওখ প্ৰতিমা "ষ্টেচু অব ইউনিটী"ৰ স্থাপন কৰে ৷ দেশৰ প্ৰত্যেক গাঁওবাসীয়ে বিদুৎ যোগান পোৱাৰ লগতে ব্যৱসায়ত যথেষ্ট উন্নতি সাধন হয় এই বৰ্ষতে ৷ দেশৰ পৰমাণু পৰীক্ষণ সম্পৰ্কত প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, চলিত বৰ্ষতে ভাৰতে পৰমাণু পৰীক্ষণ সফলতাৰে পূৰ্ণ কৰে ৷যাৰ অৰ্থ হৈছে সম্প্ৰতি ভাৰতে সমুদ্ৰ৷ ভূমি, আকাশত পৰমাণু ক্ষমতাত প্ৰগতিৰ দিশত আগবাঢ়িছে ৷ দেশৰ আত্ম ৰক্ষা বিভাগটো সম্প্ৰতি শক্তিশালী হোৱাৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷

দেশৰ স্বচ্চ ভাৰত অভিযানৰ সম্পৰ্কত প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, স্বচ্চ ভাৰত অভিযানত ভাৰত ৯৫ শতাংশ আগবাঢ়ি গৈছে ৷ এইটো নিশ্চয় এক সাফল্য ৷ প্ৰধানমন্ত্ৰী মোডীয়ে বাৰানসীৰ গংগা নদীত ভাৰতৰ প্ৰথম মাল্টি মডেল টাৰ্মিনেল আৰু ছিকিমৰ প্ৰথম বিমানবন্দৰ কথাও উল্লেখ কৰে ৷ ভাৰতৰ বিভিন্ন বিকাশৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীয়ে এছিয়ান গেমছকে ধৰি ক্ৰিয়া জগতৰ বিভিন্ন ক্ষেত্ৰত হোৱা সাফল্যৰ সম্পৰ্কত উল্লেখ কৰে । গণতন্ত্ৰ দিৱস আৰু কুম্ভ মেলাৰ ঐতিহ্যৰ সম্পৰ্কে কয় যে বিশ্ব বিখ্যাত কুম্ভ মেলা হৈছে এটা বিশাল মাধ্যম ৷ দেশবাসীয়ে কুম্ভ মেলাৰ পৰা আধ্যাত্মিকতাকে ধৰি বিভিন্ন অনুভূতি বিৰাজ কৰে।

ইফালে এই বৰ্ষতে জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ তম জন্ম জয়ন্তী পালন কৰে৷ উল্লেখ্য যে,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সততে ভাইৰেল হৈ পৰা ভিডিঅ’ই সমাজত বিয়পোৱা বিষবাস্পৰ সন্দৰ্ভত কয় যে , সমাজত নকৰাত্মক বিষয়সমূহ ভাইৰেল কৰাতকৈ সকৰাত্মক বিষয়সমূহহে ভাইৰেল কৰাৰ প্ৰসংগ উল্লেখ কৰে৷ লগতে কয় যে সমাজত অসূয়া অপ্ৰীতি বিয়পোৱা বাতৰি বিয়পোৱা সহজ ৷ কিন্তু আমি এইসমূহ বাতৰিৰ পৰা আঁতৰি থাকি সকৰাত্মক বাতৰিহে বিয়পাব লাগে ৷ এই প্ৰসংগত নৰেন্দ্ৰ মোডীয়ে নিজৰ এক ৱেটচাইড Thebetterindia.com আৰু yourstory.com ৰ কথা উল্লেখ কৰে। ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লোহৰি,পঙ্গল,মকৰ সংক্ৰান্তি,মাঘ বিহুৰ সকলোলৈকে শুভেচ্চা জনাই ৷

অধিক খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com