Begin typing your search above and press return to search.

নৱ বৰ্ষত দেশ প্ৰেমেৰে জাগৃত কৰিবলৈ আহি আছে মণিকৰ্ণিকা

নৱ বৰ্ষত দেশ প্ৰেমেৰে জাগৃত কৰিবলৈ আহি আছে মণিকৰ্ণিকা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Dec 2018 11:39 AM GMT

বলীউডৰ কুইন খ্যাত কংগনা ৰনোটৰ মুক্তিৰ অপেক্ষাত থকা এখন ছবি হৈছে "মণিকৰ্ণিকা" ৷ ইতিমধ্যে মণিকৰ্ণিকা"ৰ ট্ৰেইলৰ ৰিলীজ হৈছে ৷ ৩ মিনিট ১৯ ছেকেণ্ডৰ ট্ৰেইলৰটোৱে আকৰ্ষণ কৰিছে সকলো চলচ্চিত্ৰ প্ৰেমিকে। অৱশ্যে নকৰিবনো কিয়৷ কাৰণ বলীউডৰ কুইন কংগনাৰ প্ৰায় ছবিয়েই ধুমুহাৰ সৃষ্টি কৰে বক্স অফিচত ৷ লগতে "মণিকৰ্ণিকা"ৰ ট্ৰেইলৰটোত কংগনাৰ জীৱন্ত অভিনয় দেখিবলৈ পোৱা গৈছে ৷ছবিখনত কিতাপত পোৱা সেই ঝান্সী ৰাণী লক্ষ্মীবাঈক জীৱন্ত ৰূপত ফুটাই তুলিছে কংগনাই ৷ কংগনাৰ লুক, কংগনাৰ অভিনয়,এক্সন সকলোবোৰেই জীৱন্ত ৷

আমাৰ সকলোৰে মৰমৰ তন্নু আৰু মন্নু অৰ্থাৎ কংগনাৰ লুক "মণিকৰ্ণিকা"ত সচাকৈয়ে, বিশেষভাৱেই উল্লেখযোগ্য ৷ ইফালে,ছবিখনৰ ডায়ল’গসমূহ দেশ প্ৰেমেৰে ভৰা ৷ "আমি সকলোৱে যুদ্ধ কৰিম ৷ যাতে আমাৰ পিছৰ প্ৰজন্মই স্বাধীনতাৰ উৎসৱ উদযাপন কৰিব পাৰে ৷"এনেধৰণৰ দেশপ্ৰেম মূলক ভাষাই প্ৰাধান্য পাইছে ছবিখনত ৷ অন্যহাতে,মণিকৰ্ণিকা ছবিখন ডাইৰেক্ট কৰিছে কংগনা ৰাণাউটে ৷

তৰ্ক বিতৰ্কত লিপ্ত হৈ অভিনেতা চনু ছুডে ছবিখনৰ দৃশ্য গ্ৰহণ আধাতে এৰি দিলে ৷ লগতে ডাৰেক্টৰ কৃষ জগৰলামুড়ীয়েও ছবিখন আধাতে এৰি দিয়াত ছবিখনৰ দায়িত্ব কংগনাই লয় ৷ ছবিখনত কংগনাৰ লগত অভিনয় কৰিছে অংকিতা লোখণ্ডে,জিসু সেন গুপ্তা,অতুল কুলকৰ্ণী আদি ৷উল্লেখ্য যে সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী তথা পবিত্ৰ ৰিস্তাৰ "অৰ্চনা"খ্যাত অংকিতাৰ মণিকৰ্ণিকাৰ জৰিয়তে বলীউডত প্ৰথম খোজ পেলাইছে ৷ ছবিখনত অংকিতাই ঝলকাৰী বাঈ নামেৰে এটা চৰিত্ৰত অভিনয় কৰিছে ৷ আনহাতে ছবিখনত অংকিতাৰ ফাষ্ট লুকে সকলোকে আকৰ্ষণ কৰিছে ৷ সম্প্ৰতি কংগনাৰ অনুৰাগী তথা চলচ্চিত্ৰ প্ৰেমীসকলে অপেক্ষা কৰিব লাগিব ২৫ জানুৱাৰীলৈ ৷ কাৰণ ছবিখনে মুক্তি পাব ২৫ জানুৱাৰীতে ৷

কিন্তু সকলোৱে সম্প্ৰতি আকোঁৱালি লৈছে "মণিকৰ্ণিকা"ৰ ট্ৰেইলৰক ৷ গতিকে,ছবিখন মুক্তিৰ পিছতহে আমি জানিম মণিকৰ্ণিকা হিট নে ছুপাৰহিট ৷ইফালে বিভিন্ন তৰ্ক বিতৰ্ক সততে লাইমলাইটট থকা কংগনাৰ ছবিসমূহে দৰ্শকক সততে আকৰ্ষণ কৰি আহিছে। কংগনাৰ ডেবিউট ছবি গেংষ্টাৰ ছবি খনৰ কাৰণে শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰী বটাঁ লাভ কৰিছিল ৷ কংগনাৰ "তন্নু ৱেডছ মন্নু"ছবি খনত কংগনাৰ অভিনয় পাহৰিব পৰা নাই চলচ্চিত্ৰ প্ৰেমীসকলে। ইয়াৰ পিছতে,"তন্নু ৱেডছ মন্নু" ৰিটাৰ্নছত কংগনাৰ যি জীৱন্ত অভিনয় সেয়া সকলোৰে জ্ঞাত ৷

ইয়াৰোপৰি ছবিজগতৰ বহু কেইটা এৱাৰ্ডেৰে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা কংগনাই ৰাষ্টীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল৷ ২০০৮ চনত কংগনাই "ফেশ্বন"ছবিখনৰ কাৰণে শ্ৰেষ্ঠ সহ শিল্পীৰ ৰাষ্ট্ৰীয় বটাঁ লাভ কৰে।২০১৫ চনত মুক্তি লাভ কৰা তন্নু ৱেডছ মন্নু ৰিটাৰ্নছৰ কৰা সাৱলীল অভিনয়ৰ কাৰণে কংগনাই ফিল্ম ফেয়াৰ এৱাৰ্ডছ লাভ কৰে। কংগনা হৈছে বলীউডৰ অত্যাধিক উপাৰ্জন কৰা চেলিব্ৰেট্ৰীসকলৰ ভিতৰত অন্যতম ৷ সাৱলীল অভিনয়ৰ কাৰণে কংগনাই বহু পুৰস্কাৰেৰে পুৰস্কৃত হৈছে। ইয়াৰ ভিতৰত তিনিবাৰকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ লগতে জনপ্ৰিয় ফৰ্বছ আলোচনীত পাঁচবাৰকৈ নিজৰ নাম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয় ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Next Story
চাকৰি