নৱ বৰ্ষত বলীউডত সদ্যবলীউডত আশা বতৰা কঢ়িয়াই আনিছে সদ্য মুক্তি প্ৰাপ্ত ছবিয়েঃ কোটি টকাৰ ব্যৱসায়েৰে বলীউডত দপদপনি দুখন ছবিৰ

নৱ বৰ্ষত বলীউডত সদ্যবলীউডত আশা বতৰা কঢ়িয়াই আনিছে সদ্য মুক্তি প্ৰাপ্ত ছবিয়েঃ কোটি টকাৰ ব্যৱসায়েৰে বলীউডত দপদপনি দুখন ছবিৰ
Published on

নৱ বৰ্ষত বলীউডত সদ্য মুক্তি প্ৰাপ্ত ছবিসমূহে আশাৰ বতৰা কঢ়িয়াই আনিছে। বক্স অফিচ ইণ্ডিয়াৰ ৰিপৰ্টৰ অনুসৰি বিক্কী কোশল,য়ামী গৌতম আৰু পৰেশ ৰাৱলৰ অভিনীত "উৰী"ছবিখনে মুক্তিৰ প্ৰথম দিনাই প্ৰায় ৮,২৫ কোটি টকা উপাৰ্জন কৰে । ইয়াৰ বিপৰীতে আন এখন বহু চৰ্চিত ছবি "দ্য এক্সিডেন্টল প্ৰাইমমিনিষ্টাৰে উপাৰ্জন কৰে ৩.২৫ টকাৰ পৰা ৩.৫০ কোটি টকা। এই ছবিখনত অনুপম খেৰে ড° মনমোহন সিঙৰ চৰিত্ৰত অভিনয় কৰিছে৷ এই দুয়োখন ছবি মুক্তি লাভ কৰে ১১ জানুৱাৰীত। অন্যহাতে,নিৰ্দেশক আদিত্য ধৰৰ "উৰি" ছবিখন এখন যুদ্ধৰ পটভূমিত নিৰ্মিত ছবি । ২০১৬ চনত ভাৰতে পাকিস্তানত কৰা চাৰ্জিকেল ষ্ট্ৰাইকৰ ওপৰত আধাৰিত এই ছবিখন।

ইফালে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ জীৱনৰ ওপৰত আধাৰিত ছবি "দ্য এক্সিডেন্টল প্ৰাইমমিনিষ্টাৰ"ছবিখন ৷বিজয় গুট্টেৰ নিৰ্দেশনাত নিৰ্মিত ছবি খন ২০১৪ চনৰ প্ৰকাশিত সঞ্জয় বাৰুৰ এখন গ্ৰন্থৰ ওপৰত আধাৰিত৷ ছবি খনত অভিনেতা অক্ষয় খান্নাই সঞ্জয় বাৰুৰ চৰিত্ৰত অভিনয় কৰিছে ৷ অন্যহাতে, মনমোহন সিঙৰ পত্নী গুৰশৰণ কৌৰৰ চৰিত্ৰত অভিনয় কৰিছে দিব্যা শেঠে ৷ অৰ্জুন মাথুৰ আৰু আহানা মাথুৰে ক্ৰমে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিছে৷ আনহাতে সুৰ্জেইন ৱৰ্নেটে প্ৰাক্তন কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধীৰ চৰিত্ৰ অভিনয় কৰিছে ৷ অন্যহাতে এই ছবি খনত বিনোদ মেহতা, সীতাৰাম য়েচুৰী, এ ৰাজা, এ পি জে আব্দুল কালাম, লালু প্ৰসাদ, মায়াৱতী, সুষমা স্বৰাজ, অমৰ সিং, কপিল সিব্বল, জ্যোতি বসু, প্ৰণৱ মুখাৰ্জী, নটৱৰ সিং, পীবী নৰসিন্হা ৰাও, অজিল পিল্লই, শিৱৰাজ পাটিল, অৰ্জুন সিং, উমা ভাৰতীৰ দৰে নেতাসকলৰ চৰিত্ৰত প্ৰায় ১৪০ জন অভিনেতাই অভিনয় কৰিছে৷

ইফালে এই বৰ্ষৰে আন এখন ছুপাৰহিট ছবি হৈছে "চিম্বা"৷ ৰোহিত চেট্টীৰ ছবি তথা ৰনৱীৰ সিঙ আৰু সাৰা আলি খনাৰ ছবিখন মুক্তিৰ তিনি সপ্তাহৰ পিছতো ছবিখন ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে ৷ ভাৰতত ছবিখনম প্ৰায় ২১২.৪৩ কোটি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ ঠিক

তেনেদৰে বিদেশত প্ৰায় ৮০.৩৬ কোটি উপাৰ্জন কৰিবলৈ সক্ষম হয়।

অধিক খবৰৰ বাবে পঢ়ক মনোৰঞ্জন:

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com