Begin typing your search above and press return to search.

পঞ্চায়ত,গ্ৰামোন্নয়ণ আৰু জনসংযোগ বিভাগৰ নিযুক্তিত হোৱা দুনীৰ্তিত বিক্ষোভ সদৌ অসম ছাত্ৰ সন্থাৰ

পঞ্চায়ত,গ্ৰামোন্নয়ণ আৰু জনসংযোগ বিভাগৰ নিযুক্তিত হোৱা দুনীৰ্তিত বিক্ষোভ সদৌ অসম ছাত্ৰ সন্থাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 March 2019 6:58 AM GMT

সদৌ অসম ছাত্ৰ সন্থা শেহতীয়াকৈ সৰৱ হৈছে পঞ্চায়ত আৰু গ্ৰামীন বিকাশ বিভাগ আৰু জনসংযোগ আৰু জনসম্পৰ্ক বিভাগৰ নিযুক্তিকৰণত ৷ কিছুদিনৰ আগত হোৱা পিএনআৰডি আৰু ডীআইপীআৰত হোৱা নিযুক্তিত বিসংগতিত ভাই, ভতিজা, দুৰ্নীতিকৰণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই ।

বুধবাৰে এক সংবাদ বিজ্ঞপ্তি যোগে আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে কয় যে ৰাজ্যত লাখতকৈ অধিক নিবনুৱাৰ নিযুক্ত যোগ্যতা আৰু পাৰদৰ্শিতাৰ ওপৰত হ’ব লাগিব । অৱশ্যে চলিত বৰ্ষত পিএনআৰডী আৰু ডীআইপীআৰৰ নিযুক্তিত অনিয়মিতভাৱে ভাই ভতিজাবাদ হৈছে বুলি অভিযোগ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ নেতাদ্বয়ে ৷ তেওঁলোকে কয় দুনীৰ্তিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি গ্ৰহণ কৰিব মন্তব্য কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ওচৰত নিযুক্তিত হোৱা দুৰ্নীতিৰ ক্ষেত্ৰত ন্যায়িক তদন্ত কৰিবলৈ সাহস নাই ।

পীএনআৰডিৰ সন্দৰ্ভত চিআইডিৰ দ্বাৰা তদন্তৰ সমগ্ৰ প্ৰতিবেদন দাখিল কৰা প্ৰাকমুহুৰ্তত নিযুক্তি পত্ৰ লাভ কৰিলে প্ৰাৰ্থী সকলে ৷ অন্যহাতে ডিআইপিআৰৰ লিখিত পৰীক্ষাৰ ফলাফল পৰীক্ষা অনুষ্ঠিত কৰা দিনাই ঘোষণা কৰিলে ৷ আৰু সন্দেহ জনক ভাৱে ইয়াৰ পিছদিনাই নিযুক্তি পত্ৰ প্ৰদান কৰিলে ৷ আছুৰ নেতাদ্বয়ে লগতে কয় যে এই নিযুক্তিকৰণৰ ক্ষেত্ৰত কেতিয়াও অন্যায় হ’বলৈ নিদিয়ে ৷

লগতে এই বিসংগতিৰ বিৰুদ্ধে আন্দোলন অব্যাহত ৰাখিব ৷ সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই গুৱাহাটীত দীঘলীপুখুৰীৰ ওচৰত পিএনআৰডি আৰু ডিআইপিআৰ নিযুক্তিৰ সন্দৰ্ভত বিৰোধিতা প্ৰদৰ্শন কৰে ৷ এই সময়ত সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে কয় যে দুৰ্নীতিৰ বিৰুদ্ধে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি ৰাজ্য চৰকাৰৰ এক ভেকোঁভাওনা ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি