Begin typing your search above and press return to search.

পঞ্চায়ত নিৰ্বাচনলৈ কেইটিমান ক্ষন বাকী: লক্ষীমপুৰত নিৰ্বাচনী প্ৰচাৰ সমাপ্ত

পঞ্চায়ত নিৰ্বাচনলৈ কেইটিমান ক্ষন বাকী: লক্ষীমপুৰত নিৰ্বাচনী প্ৰচাৰ সমাপ্ত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Dec 2018 11:15 AM GMT

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ লক্ষীমপুৰ জিলাটো সোমবাৰে বিয়লি ৩ বজাত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অন্ত পৰে। নিৰ্বাচনী প্ৰচাৰৰ শেষ দিনা বিভিন্ন ৰাজনৈতিক দলসমূহৰ লগতে নিৰ্বাচনৰ প্ৰাৰ্থীসমূহে লক্ষপুৰৰ বিভিন্ন অঞ্চলৰ প্ৰত্যেক বাসিন্দাৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ কৰাৰ লগতে নিৰ্বাচনৰ লগত সংগতি ৰাখি বিভিন্ন ৰেলী,মিটিঙ আদি আয়োজন কৰে৷আনহাতে নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত জিলাখনত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল,বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা,মন্ত্ৰী নৱ কুমাৰ দলে,মন্ত্ৰী পীযুষ হাজৰিকা,অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰা,অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সদস্য চীদানন্দ কামান আৰু এ আই ইউ ডি এফৰ নেতা বদৰুদ্দিন আজমলে নিৰ্বাচনী প্ৰচাৰ চলাই ৷

ইফালে,৫ ডিচেম্বৰত হ’ব লগা ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত উত্তৰ লক্ষীমপুৰ আৰু ধকুৱাখানা ৰাজহচক্ৰত ৭,১৬,৩০৫ গৰাকী ভোটাৰে ভোটদান কৰিব ৷আনহাতে,জিলাখনত পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়োৱা প্ৰাৰ্থীসকলৰ ভিতৰত ৫৮ জন প্ৰাৰ্থী হৈছে এজিপি,বিজেপি, কংগ্ৰেছ,গণশক্তি, চিপিআই,নিৰ্দলীয়। জিলাখনত ৮১ টা গাঁও পঞ্চায়ত পদৰ বাবে ৩৬৭ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৷ ৮১ টা আঞ্চলিক গাঁও পঞ্চায়ত পদৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াব ২৬৭ জন প্ৰাৰ্থীয়ে ৷

ইফালে ৮১০ টা ৱাৰ্ড সদস্যৰ পদৰ কাৰণে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ২,৪০৫ জন প্ৰাৰ্থীয়ে ৷ উল্লেখ্য যে, লক্ষীমপুৰ জিলাখনত ১৮৫ টা ভোটগ্ৰহণ কেন্দ্ৰ স্পৰ্শকাতৰ বুলি চিনাক্ত কৰা হৈছে ৷ ইয়াৰে ৪৬ টা অতি স্পৰ্শকাতৰ অঞ্চল,৩৬ টা স্পৰ্শকাতৰ অঞ্চল আৰু ধকুৱাখানাৰ ৩১ টা অঞ্চল স্পৰ্শকাতৰ বুলি চিনাক্ত কৰা হৈছে। আনহাতে জিলাখনত শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ কটকটীয়া কৰা হৈছে নিৰাপত্তাৰ ব্যৱস্থা ৷ লগতে ৰাইজৰ সহায় সহযোগিতা বিচাৰিছে প্ৰশাসনে ৷

অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি

Next Story
চাকৰি