Begin typing your search above and press return to search.

পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ তুংগত : বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় লাভ কৰিল ৭৩৪ গৰাকী প্ৰাৰ্থী

পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ তুংগত : বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় লাভ কৰিল ৭৩৪ গৰাকী প্ৰাৰ্থী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Nov 2018 11:47 AM GMT

৫ আৰু ৯ ডিচেম্বৰত হ’ব লগা পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰস্তুতি তুংগত উঠিছে দলসমূহৰ ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ পৰা আৰম্ভ কৰি নেতা, পালি নেতা,প্ৰাৰ্থী সকলোৱে সম্প্ৰতি অংশ লৈছে নিৰ্বাচনী প্ৰচাৰত ৷ ইফালে, এই প্ৰাৰ্থীসমূহৰ মাজৰ পৰা বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচনত জয় লাভ কৰিছে ৭৩৪ গৰাকী প্ৰাৰ্থী ৷

বিনা প্ৰতিদ্বন্দিতাৰে জয় লাভ কৰা প্ৰাৰ্থীসমূহৰ বেছি ভাগেই হৈছে বিজেপিৰ প্ৰাৰ্থী ৷অন্যহাতে,ৰাজ্যিক নিৰ্বাচন আয়োগৰ আয়ুক্ত হৰেন্দ্ৰ নাথ বৰাই দ্য চেন্টিনেলৰ সৈতে নিৰ্বাচন সম্পৰ্কে হোৱা এক সাক্ষাৎ কয় যে,ৰাজ্যত প্ৰথম পৰ্যায় পঞ্চায়ত নিৰ্বাচনত জিলা পৰিসদৰ কাৰণে ৭৯৬ টা পদৰ কাৰণে,অগপৰ ৩৭৯৯,গাঁও পঞ্চায়ত সভাপতি পদৰ ৪,১৫৫ আৰু ৩৪,৭৬৫ টা গাঁও পঞ্চায়তৰ সদস্য পদৰ বাবে নিৰ্বাচন হ’ব ৷

ইয়াৰ বিপৰীতে,৯ ডিচেম্বৰ অৰ্থাৎ,দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে জিলা পৰিষদৰ কাৰণে বাবে ৭১৬ টা,অগপৰ কাৰণে ৩,২০৫ টা,গাঁও পঞ্চায়ত সভাপতি পদৰ বাবে ৩৫১২ টা আৰু গাঁও পঞ্চায়ত সদস্যৰ কাৰণে ২৭,৬২৩ পদৰ কাৰণে নিৰ্বাচন অনুষ্ঠিত হ’ব। ৫ আৰু ৯ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বি প্ৰাৰ্থীৰ অভাৱ,মনোনয়ন প্ৰত্যাহাৰ আদি বিভিন্ন কাৰণত ৩৮০ গৰাকী প্ৰাৰ্ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচনত নিৰ্বাচিত হৈছে।ইয়াৰ সৰ্বাধিক আছে ৩৮০ গৰাকী বিজেপি প্ৰাৰ্থী, কংগ্ৰেছৰ ১৯৩ গৰাকী,অগপৰ ২৮ গৰাকী,এ আই ইউ ডি এফৰ ১০ জন,বিপিএফৰ ৫জন,চি পি আইৰ ১গৰাকী আৰু নিৰ্দলীয়ত ১১৭ গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে।

অন্য খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি

Next Story
চাকৰি