পঞ্চায়ত নিৰ্বাচনৰ মাজেৰেই বিজেপিৰ মহিলা সবলীকৰণ

পঞ্চায়ত নিৰ্বাচনৰ মাজেৰেই বিজেপিৰ মহিলা সবলীকৰণ
Published on

৬২ শতাংশতকৈ ও অধিক মহিলা প্ৰাৰ্থীক বিজেপি দলৰ মনোনয়ন প্ৰদান কৰা হৈছে।এই পদক্ষেপৰ দ্বাৰা বিজেপিয়ে মহিলা সৱলীকৰণৰ শ্লোগানক বাস্তৱত ৰূপায়িত কৰাৰ বুলি দাবী কৰিছে মহিলা নিৰ্যাতনৰ বাবে পঞ্চায়ত সমূহত মুকলি কৰিব হেল্পলাইন কেন্দ্ৰ ।বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত মুখপাত্ৰ অপৰাজিতা ভূঞাই এখনি সংবাদমেলত এনেদৰে মন্তব্য কৰে।তাৰোপৰি আঞ্চলিক পঞ্চায়তৰ সদস্য, গাঁও পঞ্চায়তৰ সভাপতি আৰু গাঁও সভাৰ সদস্যৰ বাবে প্ৰায় ৬০ শতাংশ মহিলাক প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ গৰাকীয়ে জানিব দিয়ে।

সংবাদমেল খনত তেওঁ লগতে কয় - "কনকলতা মহিলা সৱলীকৰণ" আঁচনিৰ জৰিয়তে প্ৰতিটো বিধানসভা সমষ্টিতে ১০০০ টা কৈ মহিলা আত্মসহায়ক গোটক এবছৰত ২৫ হাজাৰ টকাকৈ অনুদান আগবঢ়োৱাৰ ফলত গোটৰ কেইবা লাখ মহিলাৰ আত্ম সংস্থাপন হৈছে। যাৰ ফলত গ্ৰামাঞ্চলৰ কেইবা লাখ মহিলাৰ আৰ্থিক আত্মনিৰ্ভৰশীলতা অহাৰ লগে লগে ৰাজ্যখনৰ অৰ্থনীতিয়ে এটা নতুন পৰ্যায় লাভ কৰিবলৈ সক্ষম হৈছে।আনহাতে গ্ৰামাঞ্চলত বিনামূলীয়া 'চেনিটেৰী নেপকিন ' আৰু 'আইৰণ পিল ' ৰ বিতৰণত পঞ্চায়তৰ ভূমিকা উল্লেখযোগ্য হ'ব বুলিও মুখপাত্ৰ গৰাকীয়ে কয়।শিশু আৰু মহিলা সকলৰ ওপৰত হোৱা নিৰ্যাতনৰ তৎকালীন খবৰ দিয়াৰ বাবে প্ৰতিখন পঞ্চায়তত একোটাকৈ ' হেল্পলাইন' গঠন কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰাৰ কথাও সদৰী কৰে মুখপাত্ৰ গৰাকীয়ে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com