পঞ্চায়ত নিৰ্বাচনৰ শেহতীয়া ফলাফলক লৈ উৎফুল্লিত ৰাজ্যিক বিজেপি

পঞ্চায়ত নিৰ্বাচনৰ শেহতীয়া ফলাফলক লৈ উৎফুল্লিত ৰাজ্যিক বিজেপি
Published on

পঞ্চায়ত নিৰ্বাচনৰ ফলাফল আশানুৰূপ আৰু ৰাইজে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ কল্যাণমূলক আচনি সমূহক আকোৱালি লৈছে বুলি মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিলীপ শ‌ইকীয়াই। লগতে শ‌ইকীয়াই অসমৰ গ্ৰামাঞ্চলৰ সমূহ ৰাইজক বিজেপি দলক আকোৱালি লোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ দিনটোত উৎসৱ মূখৰ পৰিৱেশে বিৰাজ কৰে হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত। দলৰ বহু নেতা পালিনেতা, তথা কৰ্মীবিন্দ উপস্থিত হয় আৰু প্ৰত্যেকৰ মুখতেই কালিৰ পাচখন ৰাজ্যত ঘোষিত বিধান সভা নিৰ্বাচনৰ ফলাফলৰ দুখৰ ছবিৰ পৰিৰ্বতে পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ সুখৰ ছবি দেখা যায়।অগপ‌ই মিত্ৰজোটত থাকিও বিজেপি দলক অযথা গালি গালাজ দি থকা ৰাইজে গ্ৰহণ নকৰিলে আৰু তাৰেই ফল আজি অগপ‌ই পঞ্চায়ত নিৰ্বাচনত পালে বুলি মন্তব্য কৰে দিলীপ শ‌ইকীয়াই।বিজেপিৰ সাধাৰণ সম্পাদক গৰাকীয়ে ২০১৩ চনৰ পঞ্চায়ত নিৰ্বাচনৰ কথা উল্লেখ কৰি কয় যে ৰাইজে বিজেপিৰ স্বচ্ছ আৰু নিকা পঞ্চায়তৰ ধাৰণাক উচিত স্থান দিয়াৰ লগতে প্ৰায় ৭০ ৰ পৰা ৭৫ শতাংশ আসন লাভ কৰিব বুলি দাবী কৰে‌।

অধিক খবৰৰ বাবে পঢ়ক ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com