পত্নীক হত্যা কৰি পুলিচৰ ওচৰত আত্মসমৰ্পণ হত্যাকাৰী স্বামীৰ

পত্নীক হত্যা কৰি পুলিচৰ ওচৰত আত্মসমৰ্পণ হত্যাকাৰী স্বামীৰ
Published on

ডিমৌৰ সমীপৰ নাহৰণিৰ নতুন লাইনত সংঘটিত এটা হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে। সুত্ৰৰ পৰা পোৱা তথ্য অনুসৰি নাহৰণি নতুন লাইনৰ নিৱাসী মংগল তাণ্টিয়ে ঘৈনীয়েকক নিজ গৃহতে হত্যা কৰি মৃতদেহটো জ্বলাই ঘটনাটোৰ গাপ দিবলৈ চেষ্ঠা কৰিছিল। জঘন্য ঘটনাটোৰ পাচদিন পিছত মংগলবাৰে হত্যাকাৰী স্বামীয়ে মৰাণ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে।

ঘটনাৰ বিবৰণী মতে নৱেম্বৰৰ ১৬ তাৰিখে মংগল তাণ্টি আৰু পত্নীৰ মাজত কিবা কথাত কাজিয়াৰ সূত্ৰপাত হয় আৰু মংগল তাণ্টিয়ে খঙত ঘৈনিয়েকক হত্যা কৰি মৃতদেহটো ঘৰৰ ভিতৰতে জ্বলাই মৰিয়নীলৈ গুচি যায়। স্থানীয় লোকৰ স্বামী আৰু পত্লীক বহুদিন ঘৰত নেদেখি সন্দেহ ওপজাত সমগ্ৰ ঘটনাটো পোহৰলৈ আহে।পিছত মংগল তাণ্টিক ভায়েকে ঘৰলৈ ওভতাই আনে আৰু বুধবাৰে পুলিচৰ আগত সমগ্ৰ ঘটনাৰ দোষ স্বীকাৰ কৰি আত্মসমৰ্পণ কৰে হত্যাকাৰী মংগলে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com