পথ দূৰ্ঘটনাত মৃত্যু দুই যুৱকৰ

পথ দূৰ্ঘটনাত মৃত্যু দুই যুৱকৰ
Published on

যোৱা বৃহস্পতিবাৰে নিশা বাক্সা জিলাৰ অন্তৰ্গত কুমাৰীকাটা আৰক্ষী চকীৰ ৰঙিয়াৰ পানীটেংকী গাঁৱত তামোলপুৰ-ভূটান সংযোগী আন্তঃৰাষ্ট্ৰীয় ঘাইপথত দুজন যুৱকৰ পথ দূৰ্ঘটনাত মৃত্যু হয়।মৃত যুৱক দুজন ক্ৰমে পূৰ্ণা নাৰ্জাৰী আৰু অৰ্জুন বসুমতাৰী কুমাৰীকাটাৰ দৰংমেলাৰ পৰা পালচাৰ বাইকত আহি থকা অৱস্থাত কণ্ট্ৰল হেৰুৱাই দূৰ্ঘটনাপতিত হয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com