Begin typing your search above and press return to search.

পথ নিৰ্মাণ পৰিযোজনাক সময়মতে সম্পন্ন কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

পথ নিৰ্মাণ পৰিযোজনাক সময়মতে সম্পন্ন কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 May 2019 8:36 AM GMT

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে শনিবাৰে নুমলীগড় আৰু ডিব্ৰুগড় ৰাষ্ট্ৰীয় ঘাইপথৰ কাম নিৰীক্ষণ কৰে আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ বিভাগীয় কৰ্তৃপক্ষক অনতি পলমে যাৱতীয় কাম সময়সীমাৰ ভিতৰত শেষ কৰিবলৈ আহ্বান কৰে ৷ ৰাষ্ট্ৰীয় ঘাই নিৰীক্ষণৰ সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে যাতায়তৰ সুবিধাৰ্থে পথৰ সকলো মেৰামতিৰ কাম ক্ষিপ্ৰ গতিত কৰিবলৈ আহ্বান কৰে ।

যোৰহাট জিলাৰ টিয়কৰ এএইচআইডিচিএল লগত মতবিনিময় কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে চাৰি লেন যুক্ত পথটোৰ পৰিযোজনাৰ নিৰ্মাণৰ গতি লেহেমীয়া হোৱাত অসন্তুষ্টি প্ৰকাশ কৰে ৷ মুখ্যমন্ত্ৰী সোনোৱালে এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথৰ বিভাগীয় লোকসকলক এই ক্ষেত্ৰত কামৰ গতি ক্ষিপ্ৰ কৰিবলৈ নিৰ্দেশ দিয়ে ।ইফালে, এনএইচআইডিচিএলৰ নিৰ্মাণৰ কাৰণে পৰ্যাপ্ত পৰিমাণৰ কৰ্মী ,যন্ত্ৰ আৰু সামগ্ৰী লোৱাৰ কাৰনে আহ্বান কৰে ৷

লগতে সোনোৱালে ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰি লেন যুক্ত পথৰ নিৰ্মাণ সময় মতে সম্পূৰ্ণ কৰিবলৈ ৰাজ্য চৰকাৰৰ পৰা সকলো প্ৰকাৰৰ সহায় আহ্বান কৰে ৷ এনএইচআইডিচিএলৰ মহাপ্ৰবন্ধক অজীত পাল সিঙে কয় যে নুমলীগড় ডিব্ৰুগড় চাৰি লেন যুক্ত ৰাষ্ট্ৰীয় ঘাই পথৰ নিৰ্মাণ ২০২০ চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ আশা কৰিব পাৰি ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগত চাৰি লেন যুক্ত পথ নিৰীক্ষণৰ সময়ত উপস্থিত আছিল যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা,যোৰহাট জিলা প্ৰশাসনৰ অধিকাৰী আৰু এনএইচআইডিচিএলৰ প্ৰবন্ধক ৰূপম ডেকা আৰু ৰিকী আনন্দ ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি