Begin typing your search above and press return to search.

পথ মেৰামতিৰ বাবে ৰাজপথত বৌদ্ধ ধৰ্মগুৰু

পথ মেৰামতিৰ বাবে ৰাজপথত বৌদ্ধ ধৰ্মগুৰু

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Oct 2018 8:44 AM GMT

দিহিং পাটকাই অভয়াৰণ্য হৈ অসম আৰু অৰুণাচল প্ৰদেশ সংযোগী ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ অৱস্থা অতি শোচনীয় হৈ পৰাত দৈনিক পথচাৰীয়ে ভূগীবলগীয়া হৈছে যমৰ যাতনা । এই গুৰুত্বপূৰ্ণ পথটো মেৰামতিৰ বাবে আহৰি নাই বিভাগীয় কৰ্তৃপক্ষ কিম্বা ৰাজ্যৰ গড়কপ্তানী বিভাগৰ । যাৰ বাবে চৰকাৰৰ লৈ আশা নকৰি নিজাববীয়াকৈ জেছিবি লৈ ৰাজপথত নামিল এগৰাকী বৌদ্ধ ধৰ্মৰ ধৰ্মগুৰু ।

সিফালে এই পথটোৰ দূৰৱস্তাৰ বাবে নাহৰকটীয়া আৰু জয়পুৰ অঞ্চলে অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰতো বহুতো পিছপৰি থাকিব লগা হৈছে। পথটোৱেদি অকল অসম বা অৰুনাচল প্ৰদেশৰ লোক সকলৰ কাৰণে গুৰুত্বপূৰ্ণ নহয় আনকি চীন আৰু ম্যানমাৰ আদি দেশৰ সীমালৈ যাবলৈ ভাৰতীয় সেনা বাহিনীৰ আহ যাহ কৰাৰো মূল পথ ।

জয়পুৰ বৰ্ষাৰণ্য চাবলৈ আহি পথটোৰ দূৰৱস্তাৰ বাবে আধা বাটৰ পৰাই ঘূৰি আহিব লগা হৈছে দেশী বিদেশী পৰ্যটক সকলে যাৰ বাবে পৰ্য্যটন ক্ষেত্ৰতো মোক্ষম আঘাত হানিছে এই জৰাজীৰ্ণ পথটোৱে ।যদিহে চৰকাৰে এই পথটো পকীকৰণৰ কৰিব নোৱাৰে তেন্তে গ্ৰেভেলিং কৰি হলেও যাতায়তৰ উপযোগী কৰিবলৈ দাবী জনাইছে প্ৰকৃতি প্ৰেমি সকলে।

Next Story
চাকৰি