পদত্যাগ-পত্ৰ প্ৰত্যাহাৰ বিধায়ক তেৰছ গোৱালাৰ

অৱশেষত পদত্যাগ পত্ৰ প্ৰত্যাহাৰ দুলীয়াজানৰ বিজেপি বিধায়ক তেৰছ গোৱালাৰ । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে হোৱা এক বৈঠকৰ অন্তত এই সিদ্ধান্ত বিধায়কগৰাকীৰ । যোৱা সোমবাৰে বিধায়ক তেৰছ গোৱালাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰিছিল । বিধায়ক গৰাকীৰ এই সিদ্ধান্তত তৎপৰতা গ্ৰহণ কৰি বুধবাৰে নিশা সোণোৱালে বিধায়কগৰাকীৰ সৈতে এখন বৈঠকত মিলিত হয় । বৈঠকৰ অন্তত বিধায়কগৰাকীয়ে অৱশেষত প্ৰত্যাহাৰ কৰে পদত্যাগ পত্ৰ ।
চৰকাৰে সোমবাৰে নিযুক্তি দিয়া নিগম-নিকায়ৰ অধ্যক্ষ-উপাধ্যক্ষ পদৰ নিযুক্তিত খেলিমেলিৰ অভিযোগ তুলি পদত্যাগ কৰিছে বিধায়ক জনে ।শদিয়া বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টী দলৰ বিধায়ক বলিন চেতিয়াক অসম গেছ কোম্পানীৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ প্ৰতিবাদত গোৱালাই পদত্যাগ কৰিছে বুলি জানিব পৰা গৈছিল । সোমবাৰে ৰাজ্য চৰকাৰে বলিন চেতিয়াক অসম গেছ কোম্পানীৰ অধ্যক্ষ হিচাপে নিযুক্তি দিছিল ।
তেৰছ গোৱালা দুলীয়াজানৰ বিধায়ক হোৱা স্বত্বেও তেওঁৰ অজ্ঞাতে শদিয়াৰ বিধায়ক বলীন চেতিয়াক অসম গেছ কোম্পানীৰ অধ্যক্ষ পদত নিযুক্তি দিয়াত অসন্তুষ্ট হৈ গোৱালাই মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছিল তেওঁৰ পদত্যাগ পত্ৰ ।পিছে বুধবাৰে হোৱা বৈঠকখনত মুখ্যমন্ত্ৰীৰ অনুৰোধ মৰ্মে পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰা কথা প্ৰকাশ কৰে বিধায়ক গোৱালাই ।