Begin typing your search above and press return to search.

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰদান কৰে পদ্ম সন্মান

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰদান কৰে পদ্ম সন্মান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 March 2019 10:54 AM GMT

আজি ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে পদ্ম সন্মান প্ৰদান কৰে । ৪৭ গৰাকী বিশিষ্ট ব্যক্তিক আজি পদ্ম সন্মান প্ৰদান কৰে ৰাষ্ট্ৰপতিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী , কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে বহুতো কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত আছিল|

১১২ গৰাকীৰ ৪৭ গৰাকী বিশিষ্ট ব্যক্তিক আজি প্ৰদান কৰে পদ্ম সন্মান। বাকী সকলক ১৬ মাৰ্চত প্ৰদান কৰিব ।

কাবাদি খেলুৱৈ অজয় ঠাকুৰ, বাদ্যযন্ত্ৰ শিল্পী আনানদান শিবামানি, বাহুবলী বজৰং পুনিয়া, কন্ঠশিল্পী আৰু সংগীত পৰিচালক শংকৰ মহাদেবান, অভিনেতা প্ৰভু দেৱা, টেবুল টেনিচ খেলুৱৈ শ্বাৰাথ কামাল, ভাৰতৰ চেছ গ্ৰেনমাষ্টাৰ হাৰিকা দ্ৰনাবালি আৰু প্ৰাক্তন বৈদেশিক সচিব এচ জয়শংকক আজি পদ্মশ্ৰী সন্মান প্ৰদান কৰে ৰাষ্ট্ৰপতিয়ে ।

অভিনেতা মোহনলাল আৰু ৰাজনৈতিক নেতা শ্বুখদেৱ সিঙ ধিঙচা আৰু সোকোমদেব নাৰায়ণ য়াদবক পদ্ম ভূষণ বঁটা প্ৰদান কৰা হয় ।মৰনোত্তৰ ভাবে সাংবাদিক কুলদীপ নায়াৰক পদ্ম ভূষণ বঁটা প্ৰদান কৰা হয় ।

২৫ জানুৱাৰীত চৰকাৰে পদ্মশ্ৰী, পদ্ম ভূষণ ,পদ্ম বিভূষন বঁটা ঘোষণা কৰিছিল ।পদ্ম বিভূষন সন্মান দেশৰ দ্বিতীয় সৰ্বোচ্চ সন্মান । ভাৰত ৰত্ন বঁটাৰ পাছতে পদ্ম বিভূষন সন্মান । লোক শিল্পী তেজান বাই , ইচমাইল ওমাৰ গুলেহ, লাৰচে এন্ড টউব্ৰ চেয়াৰ পাৰচন অনিল কুমাৰ মানিভাই নাইক আৰু লেখক বলৱন্ত মৰেশ্বৰ পুৰনদাৰক পদ্ম বিভূষন সন্মান প্ৰদান কৰা হয় ।

উদ্ভাৱক উদ্ধৱ কুমাৰ ভৰালী, চিকিৎসক ইলিয়াছ আলীৰ লগতে ত্ৰিপুৰাৰ শিল্পী থাংগা দাৰ্লং, মণিপুৰৰ আৰ্চাৰ বম্বাইলা দেৱী লাইছৰাম আৰু ছিকিমৰ দ্ৰৌপদী ঘিমিৰাইয়ে লাভ কৰিছে পদ্মশ্ৰী সন্মান।

Next Story
চাকৰি