পলকতে চাওঁ আহক কেইটিমান বলীউডৰ খবৰ

পলকতে চাওঁ আহক কেইটিমান বলীউডৰ খবৰ
Published on

এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি বলীউডৰ অভিনেত্ৰী কৰীণা কাপুৰ খান হিন্দী মিডিয়ামম ২ত ক’পৰ ভূমিকাত অভিনয় কৰিব ৷ কৰীনা কাপুৰ খানে অভিনেতা ইৰফান খানৰ লগত হিন্দী মিডিয়াম ২ ত অভিনয় কৰিব বুলি এক বিশেষ সূত্ৰৰ পৰা তথ্য পোৱা গৈছে। অৱশ্যে এই ক্ষেত্ৰত কোনো তথ্য অভিনেত্ৰী কৰীনা কাপুৰ খানে ফাদিল কৰা নাই যদিও কিছু সংখ্যক তথ্যই অভিনেত্ৰী গৰাকীয়ে হিন্দী মিডিয়াম ২ ত অভিনয় কৰিব বুলি ইংগিত পোৱা গৈছে ৷

ইফালে কৰীনা কাপুৰ খানে ১৯ বছৰৰ অভিনয়ৰ জীৱনত প্ৰথম বাৰৰ কাৰণে মহিলা ক’পৰ ভূমিকাত অভিনয় কৰিব। অন্যহাতে,কৰীনা কাপুৰ খানে গুড নিউজৰ কামত ব্যস্ত আছে। ৰেছ ৩ ছবিখনত ছলমান খানৰ লগত অন্যান্য সকলৰ লগত জেকলিন ফাৰ্নাণ্ডেজে শ্বুটিং কৰি থকাৰ মাজতে অভিনেত্ৰী গৰাকী সাজু হৈছে "চশমে বদ্দুৰ"নামৰ ছবিখনৰ কাৰণে ৷

এক বিশেষ তথ্যৰ মতে, ২০১৩ চনৰ কমেডী ছবি চশমে বদ্দুৰ ছবিখনৰ চিকুৱেলত মুখ্য ভূমিকাত অভিনয় কৰিব জেকলিন ফাৰ্ণাণ্ডেজে৷ অন্যহাতে ছবিখনৰ দৃশ্য গ্ৰহণ অনতি পলমেই আৰম্ভ হ’ব ৷ বলীউডৰ জনপ্ৰিয় ডান্সাৰ শক্তি মোহনে ডেবিউ কৰিব ৰেম’ ডিচুজাৰ ছবি এবিচিডি ৩ ৰ জৰিয়তে ৷শক্তি মোহনৰ সংবাদমাধ্যমৰ আগত কৰা মন্তব্য অনুসৰি নৃত্যশিল্পীগৰাকী বলীউডত মেন্টৰ তথা গুৰু ৰেম’ ডিচুজাৰ লগত ডেবিউ কৰিবলৈ অত্যন্ত আগ্ৰহী তথা উৎসুক ৷ লগতে নৃত্য প্ৰধান ছবিখনৰ কাৰণে যথেষ্ট উৎসাহী বুলিও মন্তব্য কৰে শক্তি মোহনে ৷ ছবিখনৰ সকলো ষ্টাৰ কাষ্টৰ লগতে লণ্ডনলৈ যাবলৈ বহুত উৎসাহী ৷

চৰ্চিত ভাৰত ছবিৰ অভিনেত্ৰী কেটৰীনা কাইফ এবিচিডি ৩ ৰ পৰা ওলোৱাৰ পিছত ছবিখনত দেখিবলৈ পোৱা যাব পাৰে বলীউডৰ আন এগৰাকী অভিনেত্ৰী শ্ৰদ্ধা কাপুৰক ৷ ছবিখনত মুখ্য অভিনেতাৰ চৰিত্ৰত অভিনয় কৰিব বৰুণ ধাৱনে ৷ অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে পূৰ্বৰ ছবিখনত অভিনয় কৰিছিল ৷ অৱশ্যে ছবি খনৰ কাৰণে কৃৰ্তি চানন আৰু জেকলিন ফাৰ্ণাণ্ডেজৰ দৰে অভিনেত্ৰীৰ নাম আছে যদিও শ্ৰদ্ধা কাপুৰৰ নাম আছে শীৰ্ষত ৷

ছবিখনৰ দৃশ্য গ্ৰহণ অমৃতসৰৰ পৰা আৰম্ভ হ’ব ৷ ছবি খনৰ নিৰ্মাতায়ে নবেম্বৰত এবিচিডি মুক্তি দিয়াৰ কথা উল্লেখ কৰিছে ৷ ইফালে ৰেম’ ডিচুজাৰ পত্নীৰ মন্তব্য অনুসৰি ছবিখনৰ নায়িকাৰ সন্দৰ্ভত ভূষণ কুমাৰে বিশ্লেষণ কৰি আছে , যে কোন গৰাকী অভিনেত্ৰী ছবিখনৰ চৰিত্ৰটোৰ কাৰণে উপযুক্ত হ’ব ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com