Begin typing your search above and press return to search.

পলকতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দুটিমান খবৰ-১

পলকতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দুটিমান খবৰ-১

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Jan 2019 11:58 AM GMT

শিৱসাগৰত ১৪৪ ধাৰা বলবৎ:

জয়শাগৰ: শিৱসাগৰ জিলা প্ৰসাশনে অবৈধ কয়লা আৰু শিল আদি সৰবৰাহৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিছে। শিৱসাগৰ জিলা উপায়ুক্তৰ নিৰ্দেষ অনুযায়ী শিৱসাগৰ জিলা দণ্ডাধীশৰ ন্যায়াধীশে নিশাৰ ভাগত কাৰ্য্যকৰী হোৱাকৈ ভাৰতীয় সংবিধান অনুযায়ী ১৪৪ ধাৰা বলবৎ কৰিছে। জিলা প্ৰসাশনে নিশাৰ ভাগত কয়লা, শিল-বালি আদি কঢ়িওৱা অনুজ্ঞাপত্ৰ থকা বাহন সমূহৰ ওজনো পৰিবহনৰ ক্ষেত্ৰত নিৰ্ধাৰণ কৰি দিছে। অভিযোগ অনুসৰি শিৱসাগৰ জিলাত শতাধিক অবৈধ ট্ৰাক আৰু ডাম্পাৰে বনজ সম্পদ সমূহ চৰকাৰক সাহায্য প্ৰদান নকৰাকৈ চোৰাং ভাবে সৰবৰাহ কৰি আহিছে।

প্ৰধান মন্ত্ৰীৰ জুমুঠি দাহ:

গৌৰীশাগৰ: শিৱসাগৰত দাহ কৰা হ'ল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জুমুঠি। সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ,অসম আমগুৰি জাতীয় সমিতিৰ কৰ্মী সকলে আমগুৰি চাৰিআলিত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ৰ প্ৰতিবাদত প্ৰধান মন্ত্ৰীৰ জুমুঠি দাহ কৰে। বিভিন্ন ধৰণৰ শ্লোগানেৰে পৰিবেশ উত্তপ্ত কৰি তুলি দলটোৱে প্ৰতিবাদ সাব্যস্ত কৰে।

যোৰহাট আৰক্ষীয়ে জৰিমণা হিচাপে সংগ্ৰহ কৰিলে ৫২ লাখ টকা:

যোৰহাট: যোৰহাট যান-বাহন আৰক্ষীয়ে ২০১৮ চনত জানুৱাৰী মাহৰ পৰা নৱেম্বৰ মাহলৈ মুঠ ৫২,৫৩,৮৩০ টকা জৰিমণা হিচাপে যান-বাহনৰ পৰা সংগ্ৰহ কৰিছে আৰু ৪৬৪২ টা গোচৰ যান-বাহন আইনৰ অধীনত দাখিল কৰিছে।২০১৮ বৰ্ষত সংগ্ৰহ কৰা এই বৃহৎ সংখ্যক জৰিমণাৰ ৫০ শতাংশ জৰিমণা দুচকীয়া বাহনৰ পৰা হেলমেট পৰিধান নকৰাৰ অপৰাধত সংগ্ৰহ কৰা হৈছে। ইয়াৰ পিছৰ পৰ্য্যয়ত চিট বেল্ট আৰু পাৰ্কিঙৰ অনুমতি নথকা স্থানত পাৰ্কিঙ কৰাৰ বাবে জৰিমণা সংগ্ৰহ কৰা হৈছে বুলি যোৰহাট যানবাহন শাখাৰ আৰক্ষীৰ তৰফৰ পৰা কোৱা হৈছে।

সৰুপথাৰত কয়লা ভৰ্তি ট্ৰাক জব্দ:

সৰুপথাৰ: ধনশিৰি মহকুমাৰ উৰীয়ামঘাট আৰক্ষীয়ে মংগলবাৰে এখন কয়লা ভৰ্টি ট্ৰাক জব্দ কৰে। ট্ৰাক খনৰ লগতে ট্ৰাকখনৰ চালক জনকো কৰায়ত্ত কৰা হয়। জব্দ হোৱা ট্ৰাকখনৰ নম্বৰ হ'ল- AS-05C-6259 আৰু আটক হোৱা চালক জনৰ নাম সুচীল বসুমটাৰী চিনাক্ত কৰা হৈছে। অবৈধ ভাবে কয়লা সৰবৰাহ কৰাৰ অপৰাধত চালক খনৰ গৰাকীৰ বিৰুদ্ধে ৩৭৯/১৮ নম্বৰত গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ উৰীয়ামঘাট আৰক্ষী চকীত এটা গোচৰ ৰূজু কৰা হৈছে। ট্ৰাক খনৰ গৰাকীৰ নাম জিটেন শইকীয়া বুলি তদন্তত গম পোৱা গৈছে।

শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তী সমাৰোহ:

পাঠশালা: শংকৰদেৱ শিশু নিকেতন পাঠশালাই প্ৰতিষ্ঠা কালৰ পৰা আহি আহি ২৪ টা বছৰ অতিক্ৰম কৰি ২৫ বৰ্ষত ভৰি দিলে। এই ৰূপালী জয়ন্তী বৰ্ষক স্মৰণীয় কৰি ৰাখিবৰ বাবে পাঠশালা শংকৰদেৱ শিশু নিকেতনে মংগলবাৰৰ পৰা বছৰজোৰা কাৰ্য্যসূচীৰে বিভিন্ন কাৰ্য্যসূচী্ৰ আৰম্ভণি কৰিলে। মংগলবাৰে ৰাতিপুৱা চাফাই অভিযানৰ জৰিয়তে শংকৰদেৱৰ ৰূপালী জয়ন্তী বৰ্ষৰ অনুষ্ঠানৰ আৰম্ভনি কৰা হয়।

অধিক খবৰ বাবে পঢ়ক ৰাজ্যিক বাতৰি

Next Story
চাকৰি