Begin typing your search above and press return to search.

পাকিস্তানলৈ যোৱা জলৰাশি বন্ধ কৰিব ভাৰতে: জলযুদ্ধ ঘোষণা ভাৰতৰ

পাকিস্তানলৈ যোৱা জলৰাশি বন্ধ কৰিব ভাৰতে: জলযুদ্ধ ঘোষণা ভাৰতৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Feb 2019 7:09 AM GMT

পুলোৱামাত পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন জেইছ-ই-মহম্মদে সংঘটিত কৰা বৰ্বৰ আক্ৰমণৰ ঘটনাৰ পাছত ভাৰতে জলযুদ্ধ ঘোষণা কৰিছে । পুলোৱামা কাণ্ডত ৪০ জনকৈ ভাৰতীয় সেনা জোৱান নিহত হৈছিল । যি ঘটনাই সমগ্ৰ দেশবাসীৰ চকু সিক্ত কৰি তুলিছিল।

পুলোৱামাৰ নৰসংহাৰৰ পোটক তুলিবলৈ ভাৰতৰ উৎসৰ নদী বিপাশা, ৰাবি, শতদ্ৰুৰ দিশ সলনি কৰি পাকিস্তানলৈ পানী বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । বৃহস্পতিবাৰে মোদী চৰকাৰৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্তত কথা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ঘোষণা কৰি কয় যে ভাৰতৰ উৎসৰ নদী বিপাশা, ৰাবি, শতদ্ৰুৰ গতিপথ সলনি কৰি ভাৰতৰে জম্বু কাশ্মীৰ আৰু পাঞ্জাবলৈ পানী যোগান ধৰিব।

আন এক টুইটাৰত নীতিন গাডকাৰীয়ে প্ৰকাশ কৰে যে ইতিমধ্যে ৰাবি নদীৰ ওপৰত শ্বাহপুৰ-কান্দি বান্ধৰ কাম আৰম্ভ কৰা হৈছে । এই পানী ব্যৱহাৰৰ বাবে মজুদ কৰা হব।অতিৰিক্ত পানী দ্বিতীয় ৰাবি বিপাশা সংযোগলৈ অহা আন ৰাজ্যৰ বাবে যোগান ধৰিব পাৰিব । এই পানীৰে যমুনা দৰে নদী জিপাল কৰিব পৰা যাব । এই প্ৰকল্প সমুহ ৰাষ্ট্ৰীয় প্ৰকল্প হিচাবে ঘোষণা কৰা হৈছে ।

আনহাতে ভাৰতে পাকিস্তানক ' মষ্ট ফেভাৰেট নেচন' মৰ্য্যদাৰ পৰা বাতিল কৰিছে । পুলোৱামা কাণ্ডৰ পাছত ভাৰতে পাকিস্তানী সামগ্ৰীত আমদানি শুক্লকৰ ২০০ শতাংশ বৃদ্ধি কৰাত পাকিস্তানত এক হাহাকাৰ পৰিষ্ঠিতিৰ সৃষ্টি হৈছে । পাকিস্তানৰ লগত ইতিমধ্যে ভাৰতে বানিজ্যিক চুক্তি ভংগ কৰিছে । ৰাবি-বিপাশা-শতদ্ৰু ৰ পানী ভেটা দি প্ৰতিবন্ধকতা আৰোপ কৰিব সিন্ধু-চেনাব- ঝিলামত।

ভাৰতৰ এই পদক্ষেপে পাকিস্তানত পানীৰ সংকটৰ সৃষ্টি কৰিব । বিশ্বৰ প্ৰায়বোৰ দেশেই ভাৰতৰ পক্ষত ঠিয় দিয়াৰ পাছত পাকিস্তান চিন্তাত পৰিছে ।

Next Story
চাকৰি