Begin typing your search above and press return to search.

পানীখাইতী আৰক্ষীৰ আইচিসহ ৯জন লোকক ৰিজাৰ্ভ ক্ল’জ

পানীখাইতী আৰক্ষীৰ আইচিসহ ৯জন লোকক ৰিজাৰ্ভ ক্ল’জ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Aug 2018 8:39 AM GMT

গুৱাহাটী মহানগৰীৰ পৰা কিছুদুৰ গৈ পানীখাইতী আৰক্ষী থানা।এই থানা খনৰ পৰাই আইচি সহ ৯জনকৈ লোকক ৰিজাৰ্ভ ক্ল’জ দিয়ে। ক্ৰমে আইচি বৰছিং তেৰাং, এএছআই তাৰাপ ডেকা, ইউবিচি বিশ্বজিত্‍ শৰ্মা, নন্দকিশোৰ বৈঠাসহ ৫জন গৃহৰক্ষী জোৱানক ৰিজাৰ্ভ ক্ল’জ। বুধবাৰে পানীখাইতী আৰক্ষী চকীৰ পৰা চন্দন ভড়ালী নামৰ এজন যুৱকে পলায়ন কৰি আত্মহত্যা কৰিছিল । উক্ত ঘটনা সংঘটিত হোৱাৰ সময়ত কোনো এজন উপস্থিত নাছিল আৰক্ষী আৰু গৃহৰক্ষী।সেয়ে এই ৯গৰাকীকৈ আৰক্ষীসহ গৃহৰক্ষী যোৱানক ৰিজাৰ্ভ ক্লজ দিয়ে।জানিব পৰা অনুসৰি,ছয়গাওঁৰ নিৱাসী মৃত চন্দন ভড়ালীৰ পুত্ৰ গোপাল ভড়ালীয়ে কয় যে,আগষ্টৰ ৭তাৰিখে ছন্দন ভড়ালীক গ্ৰেপ্তাৰ কৰে চিজিএম আদালতৰ পৰা তিনিদিনৰ বাবে পানীখাইতী আৰক্ষীৰ জিম্মালৈ প্ৰেৰন কৰা হৈছিল।

কিন্তু যোৱা মঙলবাৰে অভিযুক্ত চন্দন ভড়ালীক আৰক্ষীয়ে পানীখাইতি থানাৰ পৰা ১৫০মিটাৰ মান দূৰত ঘন জংঘল অঞ্চলৰ এজোপা গছত ফাঁচী লৈ থকা অৱস্থাত উদ্ধাৰ হয়।

Next Story