Begin typing your search above and press return to search.
পানীৰ অভাৱত জৰ্জৰিত গুৱাহাটী মহানগৰ

প্ৰায় ১২ লাখ জনসংখ্যা থকা গুৱাহাটী মহানগৰত দৈনিক ২০০ মিলিঅন লিটাৰ প্ৰয়োজন হয় যদিও চৰকাৰী খণ্ডই মাত্ৰ ২৫ শতাংশ পানীহে যোগান ধৰিব পাৰে।এইখিনি পানী মাত্ৰ তিনি লাখ লোকেহে ব্যৱহাৰ কৰিব পাৰে।৩০শতাংশ অৰ্থাৎ ১২লাখ লোকেহে নালৰ পানী লাভ কৰে।৪ টা পানী যোগান প্ৰকল্পৰ কাম হৈ আছে যদিও কাম কিমান দূৰ আগবাঢ়িছে সেয়াহে জানিব পৰা হোৱা নাই।।পানীৰ এই সংকটৰ সুযোগ গ্ৰহন কৰি বহুতে ব্যৱসায় চলাই আছে আৰু যদি অৱস্থা এনেদৰে থাকিবলৈ হয় তেওঁলোকৰ বাবে লাভ হব।চৰকাৰৰ ৰাইজলৈ পিঠি দিয়া কাৰ্য্যৰ সুযোগ গ্ৰহন কৰি "পানী মাফিয়া"ই গুৱাহাটীত ৰাজত্ব চলাই আহিছে।গুৱাহাটীবাসী ৰাইজে পানীৰ অসুবিধাবোৰ নিৰাময় কৰি ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰতিশোতী পূৰন কৰিব বুলি আশা কৰিছে।
Next Story