Begin typing your search above and press return to search.
পালন কৰা হ’ব ১৯সংখ্যক কাৰ্গিল দিৱস

১৯সংখ্যক কাৰ্গিল দিৱস উদযাপন কৰিব কেপ্তেইন জিন্তু গগৈৰ নিজৰ গাৱঁ গোলাঘাট জিলাৰ খোমটাইত।অনুষ্ঠিত হ'বলগীয়া দিনযোৰা কাৰ্য্যসূচী অনুষ্ঠান খন জাসিংফা লেখিকা সমাৰোহ সমিতিৰ লগতে আটাছু আৰু খোমটাইয়ে আয়োজন কৰিব।অনুষ্ঠান খনৰ আৰম্ভনিতে পতাকা উত্তোলন কাৰ্য্যসূচী গ্ৰহন কৰিব জিন্তু গগৈৰ পিতৃয়ে আৰু প্ৰাক্তন ভাৰত বায়ুসেনাৰ বিষয়া থগীৰাম গগৈয়ে আনহাতে শ্বহীদ অৰ্পন কৰিব প্ৰাক্তন আৰ্মী কৰ্নেল বেনুধৰ শইকীয়াই।
অনুষ্ঠান খনত কুইজ,ছবি অংকন প্ৰতিযোগিতা আৰু বিনামূলীয়া স্বাস্থ্য চিকিৎসা শিবিৰ মুকলি কৰিব বোকাখাতৰ এছ ডি এম অ' ড° হিমন্ত কুমাৰ হাজৰিকাই।
Next Story