পিতৃৰ গাড়ীৰ চেপাত প্ৰাণ গ'ল কন্যা শিশুৰ

পিতৃৰ গাড়ীৰ চেপাত প্ৰাণ গ'ল কন্যা শিশুৰ
Published on

নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৰ ধূপগুৰিৰ ঢ়াকাইবস্তি ত সংঘটিত হ'ল এক হৃদয় বিদাৰক ঘটনা । পিতৃৰ গাড়ীৰ চেপাত কৰুণ মৃত্যুক আঁকোৱালি ল'লে এটি ডেৰ বছৰীয়া কন্যা সন্তানে ।

ঘটনাৰ বিৱৰণী অনুসৰি, পিতৃ মিজানুৰ ৰহমানে নিজৰ গাড়ীখন ঘৰৰ গেৰেজত সোমোৱাই থকা অৱস্থাত পিতৃৰ অজানিতে কন্যা সন্তানটি ঘৰ ঘৰৰ পৰা হঠাৎ দৌৰি অহাত গাড়ীৰ চকাৰ তলত সোমাই পৰে কণমানিজনী ।

লগে লগে পিতৃয়ে ধিং এফ অাৰ ইউ লৈ অানে যদিও চিকিৎস কে মৃত বুলি ঘোষণা কৰে । পিছত ধিং আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসা লয়লৈ প্ৰেৰণ কৰে ।

কন্যা সন্তানটোৰ নিথৰ দেহ ঘৰত অনাৰ লগে লগে এক অবৰ্নণীয় পৰিবেশৰ সৃষ্টি হয় । পিতৃ-মাতৃৰ কান্দোনৰ ৰোলত এক হৃদয় বিদাৰক পৰিবেশে অঞ্চলটোৰ সকলোৰে চকু সেমেকি উঠিল ।যি বৰ্ণনা হয়তু ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি ।

অানহাতে,পিতৃ - মাতৃৰ হিয়া ঢাকুৰি যোৱা কান্দোনে বাকৰূদ্ধ কৰিলে সকলোকে । এনে অসহনীয়, হৃদয় বিদাৰক ঘটনাই অঞ্চল টোত শোকৰ ছাঁ পেলাইছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com