Begin typing your search above and press return to search.

পিতৃ হৈছে থানাৰ চিপাহী আৰু পুত্ৰ এগৰাকী আইপিএছ বিষয়া

পিতৃ হৈছে থানাৰ চিপাহী আৰু পুত্ৰ এগৰাকী আইপিএছ বিষয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 Oct 2018 9:50 AM GMT

সকলো পিতৃ-মাতৃৰ সপোন এটাই যে,নিজ সন্তানে জীৱনত সফল নাগৰিক হিচাপে প্ৰতিষ্ঠিত হ'ব পাৰে । এই সপোনক বাস্তৱত ৰূপায়িত কৰিবৰ বাবে পিতৃ-মাতৃয়ে বহুতো সংঘৰ্ষ কৰিব লগা হ'য় । আৰু এই কষ্টৰ অন্তত যদি তেওঁলোকে বিচৰা ধৰনে সন্তানে তেওঁলোকৰ সপোনক বাস্তৱায়িত কৰি তুলিবে পাৰে তেন্তে তেওঁলোকৰ সুখত ঠিকনা নেদেখা হয় । ঠিক এনেকুৱাই সুখ পাব যেতিয়া এজন পুত্ৰই নিজৰ পিতৃৰ কৰ্মৰত স্থান তথা এজন আইপিএছ বিষয়া হিচাপে নিযুক্তি হ'ব আৰু পিতৃয়ে অতি গৌৰৱৰে চেল্যুট প্ৰদান কৰিব ।

আইপিএছ অনুপ কুমাৰ সিঙে অহা শনিবাৰে এছপিৰ ৰূপত নিজৰ পদ চম্ভালিবলৈ বিভূতিখণ্ড আৰক্ষী থানা গৈ পাব সেই থানাত। পূৰ্বৰ পৰা কৰ্মৰত আৰক্ষী কনষ্টবল জনাৰ্দন সিংৰ বাবে অতি স্মৰনীয় হ'ব লগতে তেঁও অতি গৌৰবান্বিত হৈ পৰিব ।কাৰন তেওঁৰ পুত্ৰই এজন উচ্চ পদস্থ বিষয়া তথা অধিকাৰী ৰূপত তেওঁৰ সন্মুখত প্ৰতিষ্ঠিত হ'ব । এই সকলোবোৰ হৈছে তেওঁৰ অৰ্থাৎ এজন পিতৃ ,এগৰাকী মাতৃৰ কষ্টৰ পৰিনাম ।

জনাৰ্দনে মত প্ৰকাশ কৰি কয় যে; তেওঁৰ এই সুখ বান্ধি ৰখাৰ পৰা বিৰত অৰ্থাৎ নিয়ন্ত্ৰন কৰিব নোৱাৰে । কিন্তু নিজৰ আৱেগক নিয়ন্ত্ৰন ৰাখি জনাৰ্দনে মত প্ৰকাশ কৰি কয় যে,প্ৰথমে কৰ্তব্য তথা কৰ্মৰত সময়ত তেওঁৰ বাবে অনুপ এজন অধিকাৰী আৰু তাৰ পিছতহে তেওঁৰ পুত্ৰ। তেওঁঁ নিজৰ পুত্ৰ হলেও তেওঁ আনবোৰ বিষয়াক সন্মান দিয়াৰ দৰে নিজৰ পুত্ৰকো চেল্যুট প্ৰদান কৰিব । তেওঁ তেওঁৰ পুত্ৰৰ আদৰ্শ সমূহ মানি চলিব । তেওঁ প্ৰথমে এইটো সুনিশ্চিত কৰিব যে তেওঁলোক পিতা-পুত্ৰ সম্বন্ধটিৰ বাবে কামত যাতে কোনো ধৰনৰ প্ৰভাৱ নপৰে ।

আইপিএছ অনুপ কুমাৰ সিঙে দিল্লীৰ নেহেৰু বিশ্ববিদ্যালয়ৰ পৰা ভূগোল বিষয়ত স্নাতকতোত্তৰ লাভ কৰে আৰু তাৰ পিছত কঠোৰ পৰিশ্ৰম কৰি ইউপিএছচি পৰীক্ষাত পাছ কৰি আইপিএছ হ'বলৈ সক্ষম হয় । অনুপ ২০১৪ৰ আইপিএছৰ বেট্ছৰ হয় যিয়ে লক্ষনৌৰ এছপিৰ ৰূপত ভৰ্ত্তি হয় ।

আইপিএছ বিষয়া অনুপ কুমাৰে মত প্ৰকাশ কৰা অনুসৰি; তেওঁৰ পিতৃ তেওঁৰ বাবে সদায়ে প্ৰেৰনা আৰু সাহস । তেওঁৰ ৰাতিপুৱা সদায় নিজ পিতৃৰ ভৰি চুই দিনটো আৰম্ভ কৰে । তেওঁ সদায় পিতৃৰ আদৰ্শ সমূহ লগত লৈ জীয়াবলৈ শিকিছে । তেওঁক কেতিয়াও তেওঁৰ পিতৃয়ে পঢ়া-খেলা-ধূলা কৰাত বাধা আৰোপ কৰা নাই বৰঞ্চ সদায়ে এটাই কথা কৈছিল যে যি কাম কৰে সেই কামটো সদায় মন দি ভালকৈ কৰিব লাগে । ইয়াৰোপৰি তেওঁ কোৱা অনুসৰি পিতৃয়ে কৈছিল যদি তেওঁ এজন মালী হয় তেন্তে তেওঁৰ কৰ্তব্য যে প্ৰতিজোপা গছক ভালকৈ সাৰ পানী দিয়া ।

অনুপে নিজৰ সৰু কালৰ কথা মনত কৰি কয় যে,' তেওঁৰ এতিয়াও মনত আছে যে তেওঁৰ পিতৃয়ে অনুপ আৰু অনুপৰ ভনীয়েকক চাইকেলেৰে স্কুললৈ লৈ গৈছিল । আৰ্থিক সমস্যা হোৱাৰ পিছতো তেওঁলোকৰ পিতৃয়ে অনুপ আৰু ভনীয়েকৰ পঢ়া-শুনাত কোনো ধৰনৰ বাধা আহিব দিয়া নাছিল আৰু সময় মতে স্কুলৰ পইচা আদায় কৰিছিল ।

অনুপৰ পৰিয়ালত তেওঁৰ পিতৃ জনাৰ্দন সিং,মাতৃ কাঞ্চন আৰু পত্নী অশুল আৰু মৰমলগা ১বছৰীয়া কন্যা য়শবিনীৰে সৰু পৰিয়ালটি গঠিত ।

অনুপৰ মাতৃ কাঞ্চনে মত প্ৰকাশ কৰি কয় যে," ঘৰৰ ভিতৰত তেওঁলোক এটা পৰিয়াল তাত কোনো ধৰনৰ আৰক্ষী কনষ্টবল,আইপিএছ বিষয়া নাই ।তেওঁলোকৰ ঘৰত এখনে টেবুল য'ত তেওঁলোকে একেলগে বহি আহাৰ গ্ৰহন কৰে "

সঁচাই পিতৃ-মাতৃৰ বাবে ই এক গৌৰৱৰ বিষয় যে পিতৃ-মাতৃৰ কষ্টৰ অন্তত তেওঁৰ পুত্ৰই তেওঁলোকৰ কষ্ট সাৰ্থক কৰি তুলিবলৈ সক্ষম হয় আৰু এগৰাকী আইপিএছ বিষয়া হিচাপে সমাজত প্ৰতিষ্ঠিত হ'বলৈ সক্ষম হয় ।

Next Story
চাকৰি