Begin typing your search above and press return to search.

পিয়াজৰ খেতিত লাভ হোৱা মূল্য মনি অৰ্ডাৰ কৰি দিলে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফডৰ্ণৱীচক

পিয়াজৰ খেতিত লাভ হোৱা মূল্য মনি অৰ্ডাৰ কৰি দিলে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফডৰ্ণৱীচক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Dec 2018 10:07 AM GMT

মহাৰাষ্ট্ৰত পিয়াঁজৰ অত্যাধিক পৰিমাণে মূল্য হ্ৰাস হোৱাৰ পিছত চৰ্চা লাভ কৰিছ মহাৰাষ্ট্ৰৰ কৃষকসকলে ৷ মহাৰাষ্ট্ৰৰ আহমদনগৰৰ এজন কৃষকে প্ৰায় ২৬৫৭ কিলো পিয়াজ বিক্ৰী কৰাৰ পিছত লাভ হ’ল মাত্ৰ ৬ টকা ৷ ইয়াৰ পিছত কৃষকজনে লাভ হোৱা ৬ টকাটো মনি অৰ্ডাৰ কৰি দিয়ে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফডৰ্ণৱীচক ৷ যি কথাই সম্প্ৰতি চৰ্চা লাভ কৰিছে সৰ্বত্ৰে ৷

মহাৰাষ্ট্ৰৰ বাসিন্দা শ্ৰেয়চ অভাল নামৰ এজন কৃষকে ২৬৫৭ কিলো পিয়াঁজ বিক্ৰী কৰি পালে ২৯১৬ টকা ৷ ইফালে ২৯১৬ টকাৰে খেতিত কাম কৰা মজদূৰ সকলক দিয়ে ২৯১০ টকা৷ইয়াৰ পিছত শ্ৰেয়চ অভালৰ হাতত থাকিল ৬ টকা ৷ এই কথাতে ক্ষোভিত হৈ কৃষকজনে লাভ হোৱা ৬ টকাটো মুখ্যমন্ত্ৰীলৈ মনি অৰ্ডাৰ পঠাই দিয়ে৷

উল্লেখ্য যে কিছুদিন পূৰ্বে নাচিকৰ সঞ্জয় সাঠে নামৰ এজন ব্যক্তিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক নিজৰ উপাৰ্জিত ১০৬৪ টকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ মনী অৰ্ডাৰ কৰি। পঠায় ৷ ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিষয়টোৰ সম্পৰ্কে কৃষকসকলৰ লগত আলোচনা কৰে আৰু কৃষকসকলৰ সমস্যাসমূহৰ সন্দৰ্ভত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে ৷

কিন্তু মন কৰিবলগীয়া যে দেশ খনৰ অধিকাংশলোকেই কৃষি কৰ্মত জড়িত হৈ নিজৰ পৰিয়ালটো পোহপাল দি থাকে ৷ তেনেস্থলত, কৃষকসকলে কপালৰ ঘাম মাটিত পেলাই কৰা খেতিত লাভ হোৱা মূল্যই চিন্তিত কৰিছে দেশবাসীক ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি