Begin typing your search above and press return to search.

পুনৰ অগপ আৰু বিজেপিক মিত্ৰতা কৰিবলৈ আহ্বান কনৰেড চাংমাৰ

পুনৰ অগপ আৰু বিজেপিক মিত্ৰতা কৰিবলৈ আহ্বান কনৰেড চাংমাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Feb 2019 8:57 AM GMT

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি মিত্ৰতা কৰা ভংগ কৰা অগপ আৰু বিজেপিক পুনৰ আহ্বান জনাইছে মেঘালয় মুখ্যমন্ত্ৰী কনৰেড চাংমাই । আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছক প্ৰতিহত কৰিবলৈ অগপ, বিজেপি মিত্ৰতা গুৰুত্বপূৰ্ণ হৈ পৰিছে । অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত হোৱা এক আলোচনাৰ পাছত মেঘালয়ৰ মুখ্যমন্ত্ৰী তথা NPP ৰ সভাপতি কনৰেড চাংমাৰ এই আহ্বান ।

অসমত একেলগে চৰকাৰ গঠন কৰাৰ পাছত অগপয়ে মিত্ৰতা ভংগ কৰি পঞ্চায়ত নিৰ্বাচনত অকলে প্ৰতিদন্দ্বিতাৰ কৰে লগতে এনে পদক্ষেপৰ ফলত দুয়োটা দলৰ মাজত দুৰত্ব বৃদ্ধি পাইছে বুলি প্ৰকাশ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে। কিন্তু বৰ্তমানলৈকে দুটা দলৰ মাজত এই সন্দৰ্ভত আলোচনা হোৱা নাই আৰু কেন্দ্ৰীয় বিজেপিৰ নেতা সকলে পৰবৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই ।

উল্লেখযোগ্য যে শেহতীয়াকৈ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে জনাইছিল যে বিজেপিৰ অধিক অংশ কৰ্মীয়ে অগপ আৰু বিজেপিৰ মিত্ৰতা নিবিছাৰে আগন্তুক ২০১৯ লোকসভা নিৰ্বাচনত । এই সন্দৰ্ভত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহক অবগত কৰাইছে বুলিও প্ৰকাশ কৰে । নাগৰিকত্ব সংশোধনি বিধেয়ক খন সমৰ্থন কৰাৰ বাবে অগপৰ মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত আৰু ফনীভূষন চৌধৰীয়ে ২০১৯ৰ জানুৱাৰী মাহত মন্ত্ৰীত পৰা পদত্যাগ কৰি পত্ৰ প্ৰেৰণ কৰিছিল। চলিত বিধানসভাতো তেওঁলোকক বিৰোধীৰ পক্ষত দেখিবলৈ পোৱা গৈছে ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি