দেশৰ তৃতীয় সৰ্বোচ্চ উচ্চতাত স্থাপন কৰা ৰাষ্ট্ৰীয় পতাকা খনত যেন কালিমা লাগিছে। উত্তোলনৰ ছমাহ নহওঁতেই এবাৰ নহয় দুবাৰৰ বাবে ফাটিল দেশৰ সন্মানৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকাখন। উল্লেখ্য গুৱাহাটী স্মাৰ্ট চিটি প্ৰকল্পৰ অধীনত শৰণীয়া পাহাৰৰ গান্ধী মণ্ডপত ২.৯১ কৌটি টকা ব্যয় সাপেক্ষে চলিত বৰ্ষৰ ২ অক্টোৱৰত গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰথমবাৰৰ বাবে উত্তোলন কৰা হৈছিল সুবৃহৎ ৰাষ্ট্ৰীয় পতাকাখন কিন্তু উত্তোলনৰ ৪৮ দিন পিছতে পতাকা খন ফঁটা পৰিলক্ষিত হয়।
আগৰ পতাকাখন সলাই প্ৰশাসনে নৱেম্বৰৰ ১৭ তাৰিখে অন্য এখন পতাকা উত্তোলনৰ দিহা কৰে।আশ্চৰ্যজনক ভাবে এসপ্তাহ পিছতে নতুন পতাকাখনতো ফাঁট মেলা পৰিলক্ষিত হয়। দেশৰ তৃতীয় সৰ্বোচ্চ উচ্চতাত উত্তোলন কৰা গান্ধী মণ্ডপৰ পতাকাখন প্ৰবল বতাহৰ সোতৰ বাবেই ফাঁট মেলা বুলি সন্দেহ কৰা হৈছে। প্ৰায় তিনি কৌটি টকাৰ ওচৰা ওচৰি ব্যয়েৰে প্ৰতিষ্ঠা কৰা ৰাষ্ট্ৰীয় পতাকাখন ইমান কম দিনৰ ভিতৰত সঘনে ফাঁটি যোৱা বাবে সচেতন মহলৰ চকু কপালত উঠিছে।
দেশৰ ভিতৰত তৃতীয় সৰ্বোচ্চ উচ্চতাৰ ৰাষ্ট্ৰীয় পতাকাখন অসমত থকাটো যিদৰে ৰাজ্যখনৰ বাবে গৌৰবৰ কথা সেইদৰে ৰাষ্ট্ৰীয় পতাকাখন সঘনে ফাটি যোৱাটো ৰাজ্যবাসীৰ আত্মসন্মানৰ বাবে অশুভ ঘটনা বুলি স্থানীয় নাগৰিকে মতামত আগবঢ়াই শীঘ্ৰে প্ৰশাসনক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আহ্বান জনাই। গুৱাহাটীৰ শৰণীয়া পাহাৰৰ গান্ধী মণ্ডপৰ সমীপত স্থাপন কৰা ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন ৩১৯.৫ ফুট উচ্চতাত উত্তোলন কৰা হৈছে। দেশৰ সন্মান আৰু গৌৰবৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকাখন পৰবৰ্তী সময়ত অসমৰ বতাহ আৰু জলবায়ুৰ লগত খাপ খোৱা উপাদানেৰে প্ৰস্তুত কৰা বাবে গুৱাহাটীৰ জনসাধাৰণে মতামত আগবঢ়াইছে।
অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি