Begin typing your search above and press return to search.

পুনৰ বাৰ দেশৰ শাসনৰ গাদী বিজেপিৰ হাতত

পুনৰ বাৰ দেশৰ শাসনৰ গাদী বিজেপিৰ হাতত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 May 2019 7:29 AM GMT

২৩ মেত ঘোষিত লোকসভা ফলাফলত ভাৰতীয় জনতা পাৰ্টিয়ে সংখ্যা গৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছে । সেয়েহে পুনৰ বাৰ শাসনৰ গাদী বিজেপিৰ হাতত । দ্বিতীয় বাৰ বাবে বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ আৰু দ্বিতীয় বাৰ বাবে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিবলৈ দেশৰ জনসাধাৰণে বিপুল সমৰ্থন আগবঢ়ায়।

সমগ্ৰ দেশতে বিজেপিয়ে অকলেই ৩০৩ খন আসন লাভ কৰে । আনহাতে উত্তৰ-পূৰ্বাঞ্চলতো বিজেপিয়ে বৃহৎ সফলতা লাভ কৰে। উত্তৰ পূৰ্বাঞ্চলত ২৫ খন আসনৰ ভিতৰত ১৮ খনত প্ৰতিদন্দ্বিতা আগবঢ়াইছিল বিজেপিয়ে । অৰুণাচল প্ৰদেশত ২ খন আসনত বিজেপি জয় হোৱাৰ লগতে ত্ৰিপুৰাত আৰু মনিপুৰৰ এখনকৈ আসন বিজেপিয়ে লাভ কৰিবলৈ সক্ষম হৈছে । অসমত ৯ খন আসনত বিজেপিয়ে জয় লাভ কৰিছে ।

নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ জয়ৰ আনন্দ প্ৰকাশ কৰে ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰযোগে প্ৰকাশ কৰে যে " ধন্যবাদ ভাৰত । জনসাধাৰণৰ বিশ্বাস আৰু সমৰ্থনে জনসাধাৰণৰ আকাংক্ষা পূৰন কৰিবলৈ সহায় কৰিব বুলি প্ৰকাশ কৰে । "

"প্ৰত্যেক গৰাকী বিজেপিৰ কৰ্মীৰ সহযোগিতা, কষ্টৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে । তেওঁলোকে জনসাধাৰণৰ ঘৰে ঘৰে গৈ উন্নয়নৰ এজেণ্ডা সমুহৰ বিষয়ে অবগত কৰিছিল বুলি প্ৰকাশ কৰে নৰেন্দ্ৰ মোদীয়ে ।

অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতা সৰ্বানন্দ সোনোৱাল আৰু ডঃ হিমন্ত বিশ্ব শৰ্মায়ে অসমৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে। আৰু অনাগত দিনত ৰাজ্যৰ উন্নয়নৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে|

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি