Begin typing your search above and press return to search.

পুলৱামত আত্মঘাতী বিষ্ফোৰণৰ সন্দৰ্ভত তীব্ৰ হংকাৰ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ

পুলৱামত আত্মঘাতী বিষ্ফোৰণৰ সন্দৰ্ভত তীব্ৰ হংকাৰ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Feb 2019 8:11 AM GMT

সমগ্ৰ বিশ্বক পুলৱামা আত্মঘাতী বোমা বিষ্ফোৰণে কপাঁই যোৱাৰ পিছতে সম্প্ৰতি এই বিষ্ফোৰণক লৈ ক্ষোভ প্ৰকাশ কৰিছে বিজেপিৰ অধ্যক্ষ অমিত শ্বাহে ৷ দেওবাৰে লক্ষীমপুৰত হোৱা এক যুৱ সমাৰোহত বিজেপিৰ অধ্যক্ষ অমিত শ্বাহে কয় যে পুলৱামা কাণ্ডৰ উচিত প্ৰত্যুত্তৰ দিয়া হ’ব ৷ শ্বহীদৰ বলীদান অথলে নাযায় ৷ অধ্যক্ষ গৰাকীয়ে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে দেশবাসীক ৷ লগতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা বিদেশীৰ নাম কৰ্তন কৰাৰ বিষয়েও সুনিশ্চিত কৰে ৷

ইফালে পুলৱামাৰ আত্মঘাটী বিস্ফোৰণৰ সন্দৰ্ভত বিজেপিৰ অধ্যক্ষ গৰাকীয়ে কয় যে, আমাৰ বীৰ জোৱানসকলক হত্যা কৰি যদিহে আপোনালোকে ভাবিছে যে যুদ্ধত জয়ী হ’ল ৷ তেন্তে আপোনালোকে ভুল ভাবিছে ৷উত্তৰ পূবতেই হওক বা কাশ্মীৰতেই হওক ,আমাৰ চৰকাৰে ভাৰতৰ সুৰক্ষাৰ কাৰণে দৃঢ় প্ৰতিবদ্ধ ৷ লগতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুদ্ধ কৰি দুস্কৃতিকাৰীক নিপাত যোৱাবলৈ আমাৰ চৰকাৰ দৃঢ় প্ৰতিজ্ঞ ৷আমি পূৰ্বতে লোৱা চাৰ্জিকেল ষ্ট্ৰাইকৰ জৰিয়তে সন্ত্ৰাসবাদৰ বিৰুদ্ধে লোৱা পদক্ষেপ ইয়াৰ জলন্ত উদাহৰণ ৷ ইফালে সমগ্ৰ বিশ্বই সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুজঁ দিয়াৰ কাৰণে লোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ইচ্ছাক গ্ৰহণ কৰিছে ৷এই মন্তব্য বিজেপি ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ ৷

অসমক জম্মু কাশ্মীৰৰ দৰে এখন অশান্ত ৰাজ্যত পৰিণত হ’বলৈ নিদিয়াৰ প্ৰতিশ্ৰুতি দি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে কয় যে আমি অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ জৰিয়তে বিদেশীসকলৰ ওপৰত প্ৰতিবন্দকতা লগালো। যদি আমি দ্বিতীয়বাৰৰ কাৰণে শাসনলৈ আহো তেন্তে অসমত থকা অবৈধ বাংলাদেশীসকলক চিনাক্ত কৰি লগতে নিৰ্বাসিত কৰাৰ কাৰণে নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰযোজ্য কৰিম ৷লগতে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ সন্দৰ্ভত অমিত শ্বাহে কয় যে বিধেয়কখনৰ সন্দৰ্ভত ভুল বাতৰি প্ৰচাৰ কৰা হৈছে ৷অসমৰ পৰিস্থিতি বহুত বেয়া হ’বলৈ গৈ আছে ৷ লগতে কিছুসংখ্যক লোকে এই বিধেয়কখনক লৈ নিজৰ লাভালাভৰ কাৰণে চেষ্টা কৰি আছে ৷ অন্যহাতে ,অমিত শ্বাহে অসম চুক্তি ৰূপায়ন কৰাৰ সন্দৰ্ভত অসম গণ পৰিষদ আৰু কংগ্ৰেছ দললৈ প্ৰশ্ন কৰে আৰু কয় যে ইয়াৰ কোনো দলেই অসমত অবৈধ বাংলাদেশীসকলৰ ক্ষেত্ৰত কোনো ব্যৱস্থা নললে ৷

ইফালে ৰাজ্যবাসীৰ সাংবিধানিক সুৰক্ষা কৰাৰ আশ্বাস দিয়া অসম চুক্তি ৬ নং দফাৰ সন্দৰ্ভত অমিত শ্বাহে কয় যে এই ক্ষেত্ৰত এখন উচ্চস্তৰীয় কমিটী গঠন কৰা হৈছে ৷ যদিহে পৰৱৰ্তী নিৰ্বাচনত বিজেপি শাসনলৈ আহে তেন্তে ইয়াক প্ৰযোজ্য কৰা হ’ব৷ বিজেপি ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে মোডী চৰকাৰৰ বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰি কয় যে বিগত ইউপিএৰ চৰকাৰে ৰাজ্যলৈ ৭৯,০০০ কোটি টকা প্ৰদান কৰিছিল। কিন্তু এনডিএ চৰকাৰে সম্প্ৰতি বিভিন্ন আঁচনিৰ কাৰণে প্ৰায় ৩ লাখ কোটি প্ৰদান কৰিছে ৷

দ্বিতীয়তে সভাখনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমৰ লগতে উত্তৰ পূবৰ ৰাজ্যসমূহক জীৱন আৰু জীৱনৰ শক্তি প্ৰদান কৰিছে ৷ মোডীয়ে দেশৰ প্ৰগতিৰ কাৰণে কাম কৰি আছে ৷ অনাগত নিৰ্বাচনত দলৰ যুৱ কৰ্মকৰ্তাসকলক ১৪ খন সংসদীয় আসনত জয়ী হ’বৰ কাৰণে উব্ধুদ্ধ কৰে মুখ্যমন্ত্ৰী সোনোৱালে ৷ইফালে বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অনাগত লোকসভা নিৰ্বাচনত জয়ী হ’বৰ কাৰণে ৰাজ্যৰ যুৱকসকলক প্ৰেৰণা দিয়ে ৷বিত্ত মন্ত্ৰী ড° শৰ্মাই কয় যে অসমখন দ্বিতীয় কাশ্মীৰ ন’হবৰ কাৰণে বিজেপি কেন্দ্ৰলৈ আকৌ আহিব লাগিব ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি