পুলৱামাত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দিয়া হ’বঃপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

জম্মু কাশ্মীৰৰ পুলৱামা হোৱা সন্ত্ৰাসবাদী আক্ৰমণত প্ৰায় ৩৭ জোৱান শ্বহীদ হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছে এখন বৈঠক ৷ বৈঠকখনত ভাগ লোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে,এই বিষয়টোৰ ওপৰত উচিত প্ৰত্যুত্তৰ দিয়া হ’ব ৷প্ৰধানমন্ত্ৰী মোডীয়ে সমূহ দেশবাসীলৈ এই ঘটনাৰ পিছতে চৰকাৰক সহযোগ কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰে ৷ আৰু এই ঘটনাক তীব্ৰ গৰিহনা দিয়ে ৷
লগতে প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে আমাৰ কাষৰীয়া দেশ যিখন এক বৃহৎ আৰ্থিক সংকটত ভূগি আছে ৷তেওঁলোকে ভাবিছে যে এনেধৰণৰ কাৰ্য সংঘটিত কৰি ভাৰতক শেষ কৰি দিব দিব ৷ কিন্তু তেওঁলোকৰ এই সপোন কেতিয়াওঁ বাস্তৱত ৰূপায়িত নহয় ৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চৰকাৰক সমালোচনা কৰা জনসাধাৰণসকলক আহ্বান জনায় যে তেওঁলোক যাতে ৰাজনৈতিক মেৰপাকত নোসোমায় ৷কাৰণ সম্প্ৰতি এই সময়খিনি সমগ্ৰ দেশবাসীৰ কাৰণে যথেষ্ট আৱেগ আৰু সংবেদনশীল সময় ৷গতিকে সকলোৱে একত্ৰিত হৈ এই ঘটনাটোৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে ৷এই প্ৰতিবাদৰ স্বৰ যাতে বিশ্বৰ সকলো প্ৰান্তৰলৈকে বিয়পি পৰে ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় সম্প্ৰতি দেশ জ্বলি আছে ৷আমাৰ ভাৰতীয় সেনা আৰু সাহসৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে ৷এই ঘটনাৰ কাৰণে যিসকল লোক দায়বদ্ধ সেইসকল লোকক দণ্ডিত কৰা হ’ব ৷বৈঠকৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলিয়ে সংবাদ মাধ্যমৰ কয় যে এই ঘটনাটোত যিসকল লোক জৰিত আছে অথবা এই সন্ত্ৰাসবাদী কাৰ্যক সমৰ্থন কৰিছে৷ তেওঁলোকক উচিত শাস্তি দিয়া হ’ব ৷আৰু চিআৰপিএফৰ ক্ষেত্ৰত আমি সুৰক্ষা সমূহ সুনিশ্চিত কৰিম। লগতে আমি সুনিশ্চিত কৰিম যে এই জঘন্য ঘটনাৰ লগত জৰিত লোকসকলে উচিত শাস্তি ভূগিবলৈ সাজু হওক ৷এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলীৰ ৷
লগতে কেন্দ্ৰীয় মন্ত্ৰী গৰকীয়ে কয় যে,চিচি এচৰ বৈঠকত সুৰক্ষাকে আদি কৰি বিভিন্ন দিশৰ লগত আলোচনা কৰা হয় ৷ কিন্তু সকলোৰে চৰ্চা সম্প্ৰতি কৰিব পৰা নাযাব ৷পুলৱামাত শ্বহীদ হোৱা বীৰ জোৱান সকলক মৃতদেহ সমুহ পৰিয়াল পৰিজনলৈ প্ৰেৰণ কৰিবৰ কাৰণে চিআৰপিএফয়ে বিস্তৃত ব্যৱস্থা কৰিব ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই বৈঠকখনত উপস্থিত আছিল কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলী,ৰাজনাথ সিং,নিৰ্মলা সীতাৰমণ আৰু সুষমা স্বৰাজ ৷আনহাতে জম্মু কাশ্মীৰৰ পুলৱামাত হোৱা সন্ত্ৰাসবাদৰ আক্ৰমণত ৩৭ জন জোৱান শ্বহীদ হৈছিল ৷লগতে আহত হয় পাঁচ জন ৷ইফালে এই আক্ৰমণত পাকিস্তানস্থিত সন্ত্ৰাসবাদী সংগঠন জেশ ই মহম্মদক দোষী সাব্যস্ত কৰা হয় ৷
পুলবামাত সন্ত্ৰাসৰ সৃষ্টি কৰা সকলক অনতি পলমে শাস্তি দিয়া হ’ব ৷ আমাৰ দাঁতি কাষৰীয়া দেশে পাহৰি গৈছে যে,ভাৰত এতিয়া নতুন ৰীতি নীতিৰে সমৃদ্ধিশালী দেশ হৈ পৰিছে ৷ সন্ত্ৰাসবাদী সংগঠনসমূহে যি পৰিস্থিতিৰ সৃষ্টি কৰিছে তাৰ প্ৰত্যুত্তৰ অতি সোনকালে দিব মোডী চৰকাৰ ৷ এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৷ শুক্ৰবাৰে উত্তৰ প্ৰদেশৰ ঝান্সীত হোৱা এখন জনসভাত বিকাশৰ পৰিযোজনা উৎঘাটন কৰি অন্যান্য বিষয়ৰ লগতে সন্ত্ৰাসবাদৰ প্ৰসংগত মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি