পৃথক এন ই ৰেলৱে এলেকাৰ দাবীত কেন্দ্ৰৰ চেঁচা পানী

পৃথক এন ই ৰেলৱে এলেকাৰ দাবীত কেন্দ্ৰৰ চেঁচা পানী
Published on

পৃথক আৰু আছুতীয়া ৰেলৱে এলেকাৰ বাবে কৰি অহা দীৰ্ঘদিনীয়া দাবীত কেন্দ্ৰই চেঁচাপানী ঢালিলে। কেন্দ্ৰীয় ৰেল মন্ত্ৰী (ৰাজ্যিক) ৰাজেন গোঁহাইয়ে সোমবাৰে এই সংবাদদাতাক জনোৱা মতে, তেওঁৰ মন্ত্ৰণালয়ত এনে কোনো প্ৰস্তাৱ নাই আৰু এন ই ৰ বাবে পৃথক ৰেলৱে এলেকাৰ প্ৰস্তাৱটো বৰ্তমান সম্ভৱ নহয়। বিভিন্ন সংগঠনৰ কৰি অহা এই দাবীৰ সম্পৰ্কে সুধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে কেন্দ্ৰই এতিয়াও এই দাবী গ্ৰহন কৰা নাই।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com