পৃথক বড়োলেণ্ডৰ দাবীৰে বৰমা উত্তাল কৰিলে বিভিন্ন দল সংগঠনে

পৃথক বড়োলেণ্ডৰ দাবীৰে বৰমা উত্তাল কৰিলে বিভিন্ন দল সংগঠনে
Published on

পৃথক বড়োলেণ্ডৰ দাবীৰে শুক্ৰবাৰে আবছু, এনডিএফবি(প্ৰ) আৰু পিপল জইণ্ট একচন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্টে প্ৰতিবাদেৰে উত্তাল কৰি তুলিলে বৰমা। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক শীঘ্ৰে পৃথক বড়ো ৰাজ্য প্ৰদানৰ দাবীৰে বাকছা জিলাৰ বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰ প্ৰাংগনত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাত উই ৱান্ট বড়োলেণ্ড, ডিভাইড আছাম ৫০-৫০ ধ্বনিৰে আকাশ বতাহ কপাঁই তোলে প্ৰতিবাদ কাৰী সকলে।

সাংবাদিকৰে হোৱা মুখামুখিত আবছুৰ সভাপতি প্ৰমোদ বড়োৱে বড়ো জনসাধাৰণে কোনো ইউটিচি বিচৰা নাই বুলি মন্তব্য কৰি বড়ো জনতাই পৃথক বড়ো ৰাজ্যহে বিচাৰে বুলি কয়। প্ৰমোদ বড়োৱে বড়ো সকলে কৰা ৭০ বছৰীয়া অন্দোলনৰ অন্তত বিটিচি গঠন হল কিন্তু বড়ো জনসাধাৰণৰ কোনো ধৰণৰ উন্নতি নহল বুলি চৰকাৰক সমালোচনা কৰি কয় যে একমাত্ৰ পৃথক বড়ো ৰাজ্যইহে ৰাইজৰ উন্নতি সাধন কৰিব পাৰিব বুলি কয়।আবছুৰ সভাপতি গৰাকীয়ে বড়ো সমস্যাৰ স্থায়ী সমাধান নোহোৱলৈ আন্দোলন অব্যাহত থাকিব বুলি চৰকাৰক শকীয়নি প্ৰদান কৰে।

কেইবাহাজাৰো লোকে অংশগ্ৰহণ কৰা প্ৰতিবাদী কাৰ্য্যসূচীটোত এনডিএফবি(প্ৰ)ৰ সাধাৰণ সম্পাদক গোবিন্দ বসুমতাৰীয়ে উপস্থিত থাকি বড়ো সকলৰ ৰাজনৈতিক আৰু ভৌগলিক ন্যায় প্ৰদান কৰাৰ বাবে ভাৰতীয় সংবিধানৰ দ্বিতীয় আৰু তৃতীয় অনুচ্ছেদ অনুযায়ী কাৰ্য্যপন্থা গ্ৰহণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাবী জনায়। নতুন ৰাজ্য দাবী সমিতিৰ ৰাষ্ট্ৰীয় সম্পাদক তথা মুখপাত্ৰ স্বপ্নজিৎ চানয়ালে নৰেন্দ্ৰ মোডী চৰকাৰক বড়ো সমস্য সমাধানৰ প্ৰতিশ্ৰুতিৰে বড়ো জনসাধাৰণৰ সমৰ্থন আদায় কৰাৰ পিছতো কোনো ধৰণৰ কাৰ্য্যপন্থা গ্ৰহণ নকৰা বাবে সমালোচনা কৰে। আবছুই ইউটিচিৰ দ্বাৰা চৰকাৰে বড়োলেণ্ডৰ ভিতৰত মেৰু বিভাজন কৰিব চেষ্টা কৰা বুলি অভিযোগ কৰে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com