পোষান মাহৰ কাৰ্য্যসূচী অনুষ্ঠিত ধুবুৰী চহৰত

পোষান মাহৰ কাৰ্য্যসূচী অনুষ্ঠিত ধুবুৰী চহৰত
Published on

প্ৰথম বাৰৰ বাবে ধুবুৰী চহৰৰ অন্তৰ্গত সন্মানীয় ডাক্তৰ পান্নালাল অশোৱাল মেমৰিয়েল কমিটিৰ লগতে ধুবুৰী অসামৰিক চিকিৎসালয়ৰ পুষ্টি আৰু পুনৰ্বাসনৰ কেন্দ্ৰৰ সহযোগিতাত পোষান মাহ কাৰ্য্যসূচীৰ আয়োজন কৰা হয়। এই কাৰ্য্যসূচীত বিশ্ব নবীন ভাৰত সংঘ,ধুবুৰী চহৰৰ ভিতৰুৱা অঞ্চলত অৱস্থিত ই আৰু ডি গ্ৰাউণ্ডৰ বেচৰকাৰী সংগঠনে(এনজিঅ') সহায় সহযোগিতা আগবঢ়ায়।

অনুষ্ঠান খন ১৯ছেপ্তেম্বৰৰ পৰা ডাক্তৰ অশোৱালৰ ১৯সংখ্যক মৃত্যু বাৰ্ষিকত ৫দিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা হয়।

ডাক্তৰ তাপছ মজুমদাৰে বিভিন্ন পৰ্যায়ৰ শিশু সকলক কিদৰে চোৱাচিতা কৰিব লাগে সেই সন্দৰ্ভত মাতৃ সকলক পৰামৰ্শ প্ৰদান কৰে। ইয়াৰ উপৰিও নিউট্ৰিচনিষ্ট নয়না ৰয়ে বিভিন্ন সেউজীয়া শাক-পাচলি,ফলমূলৰ লগতে ভিন্ন প্ৰটিনযুক্ত,মিনাৰেল,ভিটামিন আৰু অন্যান্য পুষ্টি থকা খাদ্যৰ বিষয়েও জ্ঞাত কৰোৱায়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com