Begin typing your search above and press return to search.

প্ৰকৃতিৰ ওপৰত যুৱ সচেতনতা সন্দৰ্ভত অসম সাহিত্য সভা আৰু জ্যোতি চিত্ৰবনৰ কৰ্মশালা

প্ৰকৃতিৰ ওপৰত যুৱ সচেতনতা সন্দৰ্ভত অসম সাহিত্য সভা আৰু জ্যোতি চিত্ৰবনৰ কৰ্মশালা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 May 2019 10:46 AM GMT

অসম সাহিত্য সভা আৰু জ্যোতি চিত্ৰবনে যৌথভাৱে "প্ৰকৃতিৰ ওপৰত যুৱপ্ৰজন্মৰ প্ৰভাৱ" শীৰ্ষক এখন কৰ্মশালাৰ আয়োজন কৰিছে ৷ সম্প্ৰতি বিশ্বৰ জলবায়ু অতি ক্ষিপ্ৰ গতি পৰিৱৰ্তন হৈছে ৷ গতিকে পৃথিৱীক সুৰক্ষিত কৰাৰ দায়িত্ব ভৱিষ্যত প্ৰজন্মৰ হাতত৷ ইফালে সম্প্ৰতি যুৱ প্ৰজন্মক প্ৰকৃতি আৰু মানুহৰ সম্পৰ্ক বিষয়ে চিনাকী কৰি দিয়াৰ প্ৰয়োজনীয়তা আহি পৰিছে ৷

প্ৰকৃতি বিদ সকলে প্ৰায়ে প্ৰকৃতিৰ সংৰক্ষণৰ ওপৰত বিভিন্ন পদক্ষেপ হাতত লৈ আহিছে ৷ আৰু প্ৰকৃতিবিদ সকলৰ সেই দৃষ্টিভংগীক বাস্তৱ ৰূপ দিবলৈয়ে ভৱিষ্যত প্ৰজন্মৰ কাৰণে এনেধৰণৰ কৰ্মশালা আয়োজন কৰা হৈছে। এই কৰ্মশালাত ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে ভাগ ল’ব পাৰিব ৷ আৰু তেওঁলোকক প্ৰকৃতিৰ বিষয়ে সমক্য জ্ঞান প্ৰদান কৰা হ’ব ৷

লগতে এই কৰ্মশালাত পক্ষীৰ পৰ্যবেক্ষণ, প্ৰকৃতিৰ সংৰক্ষণ,বন্যজীৱৰ সংৰক্ষণ,জৈৱ বৈচিত্ৰতাৰ ওপৰতো আলোচনা কৰিব ৷ অন্যহাতে অনুষ্ঠানটোত প্ৰকৃতিৰ ওপৰত এখন ডকুমেন্টৰী ছবিও প্ৰদৰ্শন কৰিব ৷ আৰু এখন প্ৰকৃতি সম্বন্ধীয় এখন গ্ৰন্থও উন্মোচন কৰিব ৷ ইফালে কৰ্মশালাত যোগদান কৰিবৰ কাৰণে কোনো মাচুলৰ ব্যৱস্থা নাই ৷ কিন্তু আসনৰ সংখ্যা সীমিত ৷ আয়োজক সকলে সকলো শৈক্ষিক ক্ষেত্ৰৰ পৰা ১০ জনকৈ ছাত্ৰক যোগদান কৰিবলৈ আহ্বান কৰিছে ৷ এই সন্দৰ্ভত পুস্তিকা অসম সাহিত্য সভা আৰু জ্যোতি চিত্ৰ বনৰ কাৰ্যালয়ত উপলব্ধ হ’ব ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি