প্ৰকৃত ভাৰতীয়ৰ নাম কোনোকাৰনতে এনআৰচিৰ পৰা বাদ নপৰে বুলি মন্তব্য কৰিছে ভাৰতীয় বাওঁপন্থী দলে।অসম চুক্তিৰ অনুসৰি ১৯৭১ চনক ভিত্তী বৰ্ষ হিচাপে লৈ দেশৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত এনআৰচিৰ কাম কৰা হৈছে।বাওঁপন্থী দলটোয়ে কৈছে যে এনআৰচি প্ৰকাশত অনেকখিনি খেলিমেলিৰ সৃষ্টি হৈছে।পঞ্চায়ত প্ৰমান পত্ৰ থকাৰ পাছতো বহুসংখ্যক মহিলাৰ নাম এনআৰচিৰ পৰা বাদ পৰিছে লগতে বেলেগ নথি-পত্ৰৰ ক্ষেত্ৰতো খেলি-মেলি হোৱা বুলি জানিব পৰা গৈছে।৩ কোটি ২৯ লাখ লোকৰ আবেদনৰ ভিতৰত ২,৮৯,৮৩,৬৭৭ জন লোকৰ নাম সন্নিবিষ্ট হোৱাৰ বিপৰীতে ৪০,০৭,৭০৮ জনৰ নাম বাদ পৰিছিল।
Begin typing your search above and press return to search.