Begin typing your search above and press return to search.

প্ৰকৃত সমস্যা সমাধানৰ বাবে কাৰ্য্যপদ্ধতিৰ অভাবে বিজেপিৰ পঞ্চায়ত নিৰ্বাচনত দুৰ্বল প্ৰদৰ্শনৰ মুখ্য কাৰণ : হাজৰিকা

প্ৰকৃত সমস্যা সমাধানৰ বাবে কাৰ্য্যপদ্ধতিৰ অভাবে বিজেপিৰ পঞ্চায়ত নিৰ্বাচনত দুৰ্বল প্ৰদৰ্শনৰ মুখ্য কাৰণ : হাজৰিকা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Dec 2018 8:49 AM GMT

অসমত বিজেপিয়ে সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত যিমানেই ভাল প্ৰদৰ্শন কৰা বুলি দম্ভালি নামাৰক কিয়, কংগ্ৰেছ আৰু অন্যান্য দল সংগঠন সমূহে বিজেপিৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলক ভাল বুলি আখ্যা দিয়া নাই। কংগ্ৰেছৰ ৰাজ্যত বেয়া দিন চলি থকা সময়তো দলটোৱে বিজেপিৰ বিৰুদ্ধে ্পঞ্চায়ত নিৰ্বাচনত এঘড়ী যুজ দিছে। বিজেপি দলৰ সঠিক ৰণ নীতিৰ অভাবেই দলটোৰ পঞ্চায়ত নিৰ্বাচনত বিফল হোৱাৰ মূল কাৰণ বুলি ৰাজনৈতিক মহলে চিন্তা চৰ্চা কৰিছে।

ৰাজ্যৰ প্ৰকৃত সমস্যা সমূহ সমাধানৰ বাবে বিজেপিৰ সঠিক কাৰ্য্যপন্থাৰ অভাবৰ ফলতে পঞ্চায়ত নিৰ্বাচনত দলটোৱে দুৰ্বল প্ৰদৰ্শন কৰিছে। ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণৰ মূল সমস্যা সমূহ সমাধানত ৰাজ্যিক বিজেপি চৰকাৰ খন ব্যৰ্থ হোৱা বাবেই পঞ্চায়ত নিৰ্বাচনত দলটোক অসমৰ ৰাইজে গ্ৰহণ নকৰিলে। দেওঁবাৰে এই মন্তব্য আগবঢ়াইছে প্ৰৱজন বিৰোধী মঞ্চয়। প্ৰৱজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমান্যু হাজৰিকাই দেওঁবাৰে সাংবাদিকক কয় যে অসমৰ খিলঞ্জীয়া জনসাধাৰণে বহু আশা কৰি অবৈধ বাংলাদেশীৰ সমস্যা সমাধান কৰিব বুলি আশা কৰি ২০১৬ চনত বিজেপি দলক ভোট দি ক্ষমতালৈ আনিছিল। আচৰিত কথাটো হ'ল যে অসমৰ সেই জনসাধাৰণে বৰ্তমানৰ বিজেপি চৰকাৰ খনৰ নেতা সকলৰ খিলঞ্জীয়াৰ সমস্যাৰ প্ৰতি পিঠি দিয়া মনোভাৱ দেখি অতিষ্ঠ হৈ পৰিছে। হাজৰিকাই কয় যে বিজেপিয়ে প্ৰকৃত সমস্যা সমাধান কৰাৰ বিপৰীতে অসম গণ পৰিষদ দলৰ পূৰ্বৰ চৰকাৰ খনক অসমৰ খিলঞ্জীয়া জনসাধাৰণক প্ৰতাৰণা কৰা অভিযোগতহে ব্যস্ত আছে।

২০১৩ চনৰ পঞ্চায়ত নিৰ্বাচনত শাসনাধিস্ত কংগ্ৰেছ দলে ক্ৰমাগত ভাবে ১২ বছৰ কাল ৰাজ্যত শাসন কৰাৰ পিছতো ৫০.৪৯ শতাংশ আসন দখল কৰিবলৈ সক্ষম হৈছে। কিন্তু মাত্ৰ আঢ়ৈ বছৰ ৰাজ্য শাসন কৰাৰ পিছতে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন চৰকান খনে মাত্ৰ ৪১.৯৪ শতাংশ আসনহে দখল কৰিবলৈ সক্ষম হৈছিল আৰু কংগ্ৰেছে প্ৰবল প্ৰতিদ্বন্দিতা আগবঢ়াই দখল কৰিছিল ৩৪ শতাংশ আসন। হাজৰিকাই আকৌ কয় যে পঞ্চায়ত নিৰ্বাচনত স্থানীয় বিষয় সমূহৰ ওপৰত ভিত্তি কৰি প্ৰতিদ্বন্দিতা কৰা হয়, সাধাৰণ নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ বিষয়ৰ ওপৰত বহু পাৰ্থক্য আছে কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ নেতা সকলে আনকি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ প্ৰচাৰত প্ৰচুৰ ধন ব্যয় কৰি বিশাল নিৰ্বাচনী সভা পাতি আৰু প্ৰচাৰ অভিযানত হেলিকপ্তাৰ ব্যৱহাৰ কৰি চমক সৃষ্টি কৰিব বিছাৰিছিল।

আনকি বঙালী লোকৰ সংখ্যাগৰিষ্ঠতা থকা হোজাই জিলাতো নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ই কোনো নিৰ্বাচনী মেৰু বিভাজন কৰিবলৈ সক্ষম নহল। বিজেপিয়ে হোজাই জিলাত মাত্ৰ ৪০ শতাংশ আসনহে দখল কৰিবলৈ সক্ষম হয়, ইয়াৰ বিপৰীতে বিজেপিয়ে ২০১৪ চনৰ লোকসভা নিৰ্বাচন আৰু ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত খিলঞ্জীয়াৰ সমস্যাৰ ওপৰত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি জয়লাভ কৰিবলৈ সক্ষম হয়।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

Next Story