Begin typing your search above and press return to search.

প্ৰতিযোগিতামুলক পৰীক্ষাৰ বাবে বিনামুলীয়া ক'চিং

প্ৰতিযোগিতামুলক পৰীক্ষাৰ বাবে বিনামুলীয়া কচিং

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Oct 2018 7:57 AM GMT

ডিব্ৰুগড় জিলা প্ৰশাসনে ইউপিএছচি,এপিএছচি,বেংক পিঅ',এছএছচি আৰু ৰেলৱে সেৱাৰ প্ৰতিযোগিতামুলক পৰীক্ষা সমূহৰ বাবে জিলা খনৰ গ্ৰাহাম বজাৰৰ ৰেড ক্ৰচ ৰোডৰ ড° বিআৰ অম্বেদকাৰ ভৱন কেৰিয়াৰ গাইডেঞ্চ চেণ্টাৰত বিনামুলীয়া ক'চিংৰ ব্যৱস্থা কৰাৰ কথা ঠিৰাং কৰে ।

জিলা প্ৰশাসনে গ্ৰহন কৰা এই পদক্ষেপত স্নাতক পৰীক্ষাত ৫০শতাংশ নম্বৰ লাভ কৰা আগ্ৰহী ছাত্ৰ-ছাত্ৰী সকলে বিনামুলীয়া ক'চিংৰ বাবে আৱেদনৰ সৈতে নিজৰ প-পত্ৰ/মানপত্ৰ/জাতি প্ৰমান পত্ৰ/বিপিএল/আয়ৰ মান পত্ৰ দাখিল কৰিব পাৰিব ডিব্ৰুগড় জিলাৰ জিলা উপায়ুক্তৰ বিকাশমুলক শাখাত অক্টোবৰ ২০ তাৰিখৰ পৰা ২৬ তাৰিখলৈ আৱেদনৰ লগতে প্ৰমান পত্ৰ নথি পত্ৰ সমূহ জমা দিব লাগিব। ৪নবেম্বৰত অনুষ্ঠিত হোৱা এক পৰীক্ষাৰ জৰিয়তে চূড়ান্ত নিৰ্বাচন কৰা হ'ব ছাত্ৰ-ছাত্ৰী সকলক আৰু এই পৰীক্ষাৰ স্থান ক'ত হ'ব সেই তথ্য মেইল নাইবা এছএমএছৰ জৰিয়তে প্ৰদান কৰা হ'ব ।

Next Story
চাকৰি