Begin typing your search above and press return to search.

প্ৰতিশ্ৰুতি ৰক্ষাত বিফল হোৱাৰ বাবে বিজেপি চৰকাৰক সমালোচনা তাই আহোম যুৱ পৰিষদৰ

প্ৰতিশ্ৰুতি ৰক্ষাত বিফল হোৱাৰ বাবে বিজেপি চৰকাৰক সমালোচনা তাই আহোম যুৱ পৰিষদৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 April 2019 8:31 AM GMT

তাই আহোম যুৱ পৰিষদ সহ ৬ টা জনগোষ্ঠীয় সংগঠন আৰু আহোম জনগোষ্ঠীয়ে শাসনাধিষ্টি বিজেপি চৰকাৰ খনক তীব্ৰ সমালোচনা কৰে । বিজেপি চৰকাৰ খনে দিয়া প্ৰতিশ্ৰুতি সমুহ পুৰন নকৰাৰ বাবে তীব্ৰ সমালোচনা চৰকাৰ খনক ।

অসম তাই আহোম যুৱ পৰিষদৰ প্ৰচাৰ প্ৰমুখ সভাপতি গুনকান্ত গগৈয়ে বিজেপি চৰকাৰে দিয়া প্ৰতিশ্ৰুতি সমুহ পুৰন নকৰাত সমালোচনা কৰিব । যদি লোকসভা নিৰ্বাচনত বিজেপি জয় হয়, তেতিয়া পুনৰ মিথ্যাচাৰ চৰকাৰে জয় হব বুলি সমালোচনা কৰে । যদি আগন্তুক ২ মাহত চৰকাৰে ৬ জনগোষ্ঠীক জনজাতি কৰনৰ মৰ্য্যদা প্ৰদান নকৰে তেনে বিজেপি চৰকাৰক পুনৰ শাসনলৈ আহিবলৈ দিয়া নহব বুলি প্ৰকাশ কৰে । লগতে বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ কৰিব বুলি প্ৰকাশ কৰে।

লগতে গুনকান্ত গগৈয়ে কয় যে পূৰ্বৰ নিৰ্বাচনৰ প্ৰাকক্ষণত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰাজ্যত নিবনুৱা সমস্যাকে ধৰি, অবৈধ বিদেশীৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু বৰ্তমান কাৰ্যক্ষেত্ৰত সেয়া হৈ উঠা নাই । লগতে অগপয়ে অসমৰ আবেগৰ লগত ধেমালি কৰিছে বুলি প্ৰকাশ কৰে।

অসম তাই আহোম যুৱ পৰিষদে অসমৰ জনসাধাৰণক তেওলোকৰ ভোট ভাবি চিন্তি দিবলৈ আহ্বান জনাইছে । যিখন চৰকাৰে জনসাধাৰণৰ প্ৰয়োজন সমুহ পুৰন কৰে সেই চৰকাৰক ভোট দিবলৈ আহ্বান জনাই ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি