Begin typing your search above and press return to search.

প্ৰথম পৰ্যায়ত লোকসভা নিৰ্বাচনৰ পাছত ডিমৌত ৰঙালী বিহু উৎযাপন

প্ৰথম পৰ্যায়ত লোকসভা নিৰ্বাচনৰ পাছত ডিমৌত ৰঙালী বিহু উৎযাপন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 April 2019 8:40 AM GMT

ৰাঙালী বিহুৰ বাবে সমগ্ৰ ৰাজ্য জুৰী উখল মাখল পৰিবেশ ।বাপতিসাহোন ৰঙালী বিহুটিক আদৰিবলৈ সাজু সমগ্ৰ ৰাজ্যবাসী। সমান্তৰালকৈ ডিমৌতো পিছ পৰি থকা নাই ৰঙালী বিহুক আদৰিবলৈ। সমগ্ৰ ৰাজ্যৰ লগতে ডিমৌত ঢোল , পেপা , গগনাৰ মাতত ৰজনজনাই উঠিছে ৰাজ্যৰ চৌদিশ ।

যোৰহাট সমষ্টিত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ অন্ত পৰাৰ পাছত ডিমৌ বাসী ব্যস্ত এতিয়া ৰঙালী বিহু উৎযাপনত। ১৪ এপ্ৰিলৰ পৰা ৰঙালী বিহু উৎযাপন আৰম্ভ কৰিছে ডিমৌ বাসীয়ে ।

বিহুৰ বাবে বজাৰত বিহুৰ সামগ্ৰীয়ে ভৰি পৰিছে। বিহুৰ পিঠা পনা, নতুন কাপোৰ আৰু গৰু বিহুৰ বাবে প্ৰয়োজনীয় সামগ্ৰীয়ে ভৰি পৰিছে বজাৰ। ডিমৌত মুকলি বিহু আৰু কনী যুঁজৰ প্ৰতিযোগিতা অনুষ্ঠিত হব ১৫ এপ্ৰিলত ।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি