Begin typing your search above and press return to search.

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 March 2019 6:51 AM GMT

প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে ইতিমধ্যে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ| আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে ৰাজনৈতিক দল সমুহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। ৰাজ্যত ১১ এপ্ৰিলত অনুষ্ঠিত হব লগা প্ৰথম পৰ্যায় নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে । মনোনয়ন পত্ৰ দাখিলৰ সমান্তৰালকৈ প্ৰাৰ্থী সকলে নিৰ্বাচনী প্ৰচাৰো আৰম্ভ কৰিছে। সকলো ৰাজনৈতিক দলে বৰ্তমানলৈকে তেওঁলোকৰ চুৰান্ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা নাই । কংগ্ৰেছে ইতিমধ্যে ১০ টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে ।

লোকসভা নিৰ্বাচনত লক্ষিমপুৰৰ কংগ্ৰেছৰ প্ৰাৰ্থী অনিল বৰগোহাঞিয়ে বুধবাৰে মনোনয়ন পত্ৰ দাখিল কৰে । প্ৰথম পৰ্যায়ত অনুষ্ঠিত হব লগা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন হ'ল ২৫ মাৰ্চ ।

কংগ্ৰেছে ইতিমধ্যে ১০ টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে । অগপয়ে দুই এদিনৰ ভিতৰতে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিব বুলি প্ৰকাশ কৰে ।

কংগ্ৰেছে তালিকা প্ৰকাশ কৰাৰ পিছতে ইতিমধ্যে প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে । বুধবাৰে নগাঁওত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈয়ে নিৰ্বাচনী প্ৰচাৰ চলাই । এই অনুষ্ঠানতে বিধায়ক ৰকিবুল হুছেইনে এইবাৰ নগাঁও সমষ্টিত কংগ্ৰেছে জয় হব বুলি প্ৰকাশ কৰে ।

যোৰহাটত কংগ্ৰেছে সুশান্ত বৰগোহাঞিক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে । সুশান্ত বৰগোহাঞিয়ে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰৰ আৰম্ভ কৰে নিজৰ সমষ্টিত ।

অসমত তিনিটা পৰ্যায়ত লোকসভা নিৰ্বাচন অনুষ্ঠিত হব । ১১, ১৮ আৰু ২৩ এপ্ৰিলত অনুষ্ঠিত হব ভোট গ্ৰহণ । ২৩ মে নিৰ্বাচনী ফলাফল ঘোষণা কৰা হব ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি