Begin typing your search above and press return to search.

প্ৰথম পৰ্যায় নিৰ্বাচনত ৫ টা সমষ্টিতে বিজয় হোৱাটো নিশ্চিত: মমিনুল আৱাল

প্ৰথম পৰ্যায় নিৰ্বাচনত ৫ টা সমষ্টিতে বিজয় হোৱাটো নিশ্চিত: মমিনুল আৱাল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 April 2019 9:58 AM GMT

বৃহস্পতি বাৰে ৰাজ্যত প্ৰথম পৰ্যায় ভোট গ্ৰহণ অনুষ্ঠিত হয় । তেজপুৰ, যোৰহাট, ডিব্ৰুগড়, লক্ষিমপুৰ আৰু কলিয়াবৰ লোকসভা সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হয় । বিজেপিৰ মুখপাত্ৰ মমিনুল আৱালে প্ৰকাশ কৰে যে ৫ টা লোকসভা সমষ্টিতে বিজেপি জয় হব বুলি প্ৰকাশ কৰে ।

মমিনুল আৱালে প্ৰকাশ কৰে যে " ২০১৪ চনৰ লোকসভা নিৰ্বাচনত ৫ টা লোকসভা সমষ্টিত ৪ টা সমষ্টিতে বিজেপি জয় হৈছিল ।কলিয়াবৰত কংগ্ৰেছৰ প্ৰাৰ্থী জয় হৈছিল । এইবাৰ কলিয়াবৰত মিত্ৰজোটৰ অগপৰ প্ৰাৰ্থীক প্ৰক্ষেপ কৰিছে আৰু কলিয়াবৰতো এইবাৰ বিজেপি জয় হব বুলি প্ৰকাশ কৰে।

২০১৪ চনৰ লোকসভা নিৰ্বাচনতকৈ এই বাৰ অধিক হাৰত জয় হব বুলি প্ৰকাশ কৰে। লগতে প্ৰকাশ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধিনত দেশবাসীয়ে সন্তুষ্টি প্ৰকাশ কৰিছে আৰু ৰাজ্যত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ অধিনত সকলো লোকেই সন্তুষ্ট, সেয়েহে ৰাজ্যত ভোটাৰৰ হাৰ বৃদ্ধি হোৱা বুলি প্ৰকাশ কৰে মমিনুল আৱালে ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি