১৫ হাজাৰ স্হানৰ পৰা ১ কোটি বিজেপি কৰ্মীৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰীৰ

১৫ হাজাৰ স্হানৰ  পৰা ১ কোটি বিজেপি কৰ্মীৰ সৈতে মত বিনিময়  প্ৰধানমন্ত্ৰীৰ
Published on

যুদ্ধৰ সমান্তৰালকৈ নিৰ্বাচনৰ বাবে সাজু প্ৰধানমন্ত্ৰী। আজি দেশৰ কোটি বিজেপি কৰ্মীৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত বিনিময় । দেশৰ সৰ্ববৃহৎ ভিডিঅ কনফৰেন্সৰ জৰিয়তে মোদীৰ নিৰ্বাচনী প্ৰচাৰ। ভিডিঅ কনফৰেন্সৰ জৰিয়তে দেশৰ ১৫,০০০ স্হানত একত্ৰিত বিজেপিৰ কৰ্মীৰ লগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত-বিনিময়।

মোদীয়ে মত-বিনিময় অনুষ্ঠানত কয় যে ভাৰতে অকলে যুদ্ধ কৰিব, জীয়াই থাকিব, কামো কৰিব আৰু জিকিবও অকলেই । লগতে কয় যে সমগ্ৰ দেশে একগোট হৈছে আৰু আমাৰ জোৱানৰ সৈতে থিয় দিছে। আমাৰ জোৱানসকলৰ সামৰ্থ্যৰ ওপৰত ভৰসা আছে। শত্ৰুৱে আমাৰ দেশৰ বিকাশৰ গতি ৰুদ্ধ কৰাৰ চেষ্টা চলাইছে। কিন্তু আমাৰ দেশে নতুন নীতিৰে আগবাঢ়িছে। ২ মাৰ্চত বিজেপিয়ে বিজয় সংকল্প কাৰ্যসূচী পালন কৰিব বুলিও মন্তব্য মোদীৰ। ৰাষ্ট্ৰ নিৰ্মাণৰ এই মহাযজ্ঞত সকলোকে দায়িত্ব সহকাৰে অংশগ্ৰহণ কৰিবলৈ আহ্বান।

দেশৰ পৰিষ্ঠিতিৰ সন্দৰ্ভতো মত বিনিময় কৰে প্ৰধানমন্ত্ৰীয়ে । প্ৰকাশ কৰে যে বুধবাৰে ভাৰতে পাকিস্তানৰ এখন যুঁজাৰু বিমান F-16 ভূপতিত কৰে । পাকিস্তানেও ভাৰতৰ এখন বিমান আক্ৰমণ কৰে আৰু ভাৰতৰ বায়ুসেনাৰ ওইং কামাণ্ডাৰ অভিনন্দন বাৰথামানক বন্দী কৰি লৈ যায়। পাকিস্তানে ভাৰতক বিভিন্ন আক্ৰমণৰে অস্থিৰ কৰিবলৈ চেষ্টা কৰিছে, শত্ৰু দেশে ভাৰতৰ উন্নয়ন ৰোধ কৰিবলৈ আক্ৰমণ কৰিছে বুলি প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com