Begin typing your search above and press return to search.

প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ

প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Sep 2018 7:19 AM GMT

আমগুৰি আঞ্চলিক কমিটী 'অসম জাতীয় গন মঞ্চই যোৱা দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰসাদৰ পুতলা সজাই প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।আকাশ চুৱা পেট্ৰল-ডিজেলৰ মুল্য বৃদ্ধি আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী অত্যাধিক মুল্যবৃদ্ধিৰ বিৰুদ্ধে আঞ্চলিক দলটোৱে আমগুৰি চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী দলটোৱে বিভিন্ন শ্লোগানৰে পদ পথলৈ ওলাই আহি প্ৰতিবাদ জনায়।আহোম জাতীয় গন মঞ্চৰ সম্পাদক উদায়দিত্যা বৰুৱাই মত প্ৰকাশ কৰি কয় যে,অতি সোনকালে চৰকাৰ যদি আকাশ চোৱা পেট্ৰল ডিজেলৰ দৰ বৃদ্ধিৰ মুল্য হ্ৰাস নকৰে তেতিয়া তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে গণতান্ত্ৰিক উত্তেজনা মুলক পদক্ষেপ হাতত লব বুলি মত সদৰী কৰে।

Next Story